তেজপুৰ, সংবাদ ৩৬৫, ৭ আগষ্টঃ পুনৰবাৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল তেজপুৰ বিশ্ববিদ্যালয়৷ টাইমছ হাইয়াৰ এডুকেশ্বনে প্ৰকাশ কৰা তালিকাত বিশ্বৰ আন সৰু বিশ্ববিদ্যালয়সমূহক চেৰ পেলাই  ২০ নম্বৰ স্থানত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়৷ অলপতে টাইমছ হাইয়াৰ এডুকেশ্বন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০১৮ তো ৬০১-৮০০ নম্বৰ  স্থানত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল বিশ্ববিদ্যালয়খনে৷ পুনৰবাৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিবলৈ সক্ষম হোৱা তেজপুৰ বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে দ্যা ৱৰ্ল্ড বেষ্ট স্মল ইউনিভাৰ্চিটিছ ২০১৮ৰ তালিকাত৷