নিউজ ডেস্ক

১ অক্টোবৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গতিয়াই মাটিত পেলালে। উত্তৰ প্ৰদেশ আৰক্ষীৰ এই কার্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশজুৰি। গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা এগৰাকী যুৱতীৰ পৰিয়ালৰ লোকক লগ ধৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছিল ৰাহুল গান্ধী।

যোগী আদিত্য নাথৰ শাসনত উত্তৰ প্ৰদেশত অপৰাধজনিত ঘটনা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মহিলাৰ ওপৰত প্ৰতিদিনে উত্তৰ প্ৰদেশত ধৰ্ষণৰ লগতে অন্যান্য নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। গণধৰ্ষণ পিছত যুৱতী-মহিলা হত্যা উত্তৰ প্ৰদেশৰ অপৰাধজনিত ঘটনা সমূহৰ ভিতৰত প্ৰধান। বিগত কিছুদিনত উত্তৰ প্ৰদেশত কেইবাটাও ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে যদিও শেহতীয়াকৈ এগৰাকী ২২ বছৰীয়া দলিত যুৱতীৰ গণধৰ্ষণ আৰু চিকিৎসাধীন অৱস্থাত যুৱতী গৰাকীৰ মৃত্যুৱে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই আমানৱীয় গণধৰ্ষণৰ ঘটনাই অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰ তথা প্ৰশাসনৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। গণধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক লগ কৰিবলৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ বাধা প্ৰদনা কৰে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ গাড়ী উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাত আৰক্ষীয়ে বাধা দিয়াত ৰাহুল গান্ধী খোজকাঢ়ি অকলে মৃত্যু হোৱা যুৱতী গৰাকীৰ ঘৰলৈ যাবলৈ প্ৰস্তুত হোৱাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক বাধা প্ৰদান কৰাৰ লগতে ৰাহুল গান্ধীক গতিয়াই মাটিত পেলাই দিয়ে। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এই কার্যই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে বিৰোধী দল কংগ্ৰেছে ইয়াক তীব্ৰ সমালোচনা কৰিছে। ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ ওপৰত লাঠিৰে আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন কৰিছে।