Photo of author

|

স্বাৰ্থপৰ নেতাৰ বিজেপি গমনে বিপিএফৰ কোনো ক্ষতি নকৰে

মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
২০ নবেম্বৰ

স্বাৰ্থপৰ নেতাৰ বিজেপি গমনে বিপিএফৰ কোনো ক্ষতি নকৰে। বিপিএফ এৰি সদ্য বিজেপিলৈ যোৱা ৰঘুনাথ বসুমতাৰীক ক্ষমতালোভী আৰু স্বাৰ্থপৰ বুলি কটাক্ষ বিপিএফৰ। স্বাৰ্থপৰ তথা ক্ষমতালোভী সকল বিপিএফ দল ত্যাগ কৰাত বিপিএফ দলে স্বস্তিৰ নিশ্বাস পেলাইছে।

দীৰ্ঘদিন বিপিএফ দলত থাকি নিজৰ সুবিধা আদায় কৰা একাংশ তথাকথিত নেতাই বিটিচি নিৰ্বাচনৰ পূৰ্বে দল সলনি কৰি বেলেগ দলত যোগদান কৰাত বিপিএফ দলৰ ক্ষতি হোৱা দূৰৰ কথা সেইবোৰ স্বাৰ্থপৰ তথা ক্ষমতালোভী সকল দল ত্যাগ কৰাত বিপিএফ দলে স্বস্তিৰ নিশ্বাস পেলাইছে। ইতিমধ্যে দলত্যাগ কৰা সকল আনদলত গৈও নিজৰ স্বাৰ্থ আদায় কৰাৰ বাহিৰে একো নকৰে। বিজেপি দলৰ বিটিচিত কোনো নেতা নাছিল ফলত বিপিএফৰ স্বাৰ্থপৰ নেতা সকলক বিভিন্ন প্ৰলোভন দেখুৱাই নিজৰ দললৈ নিছে যদিও সেইসকল নেতাৰ যে কোনো গণভিত্তি নাই সেয়া সময়ে প্ৰমান কৰিব বুলি বিপিএফৰ জ্যেষ্ঠ নেতা তথা দলটোৰ চৰাইবিল ব্লকৰ সভাপতি বিল্লা কুমাৰ ব্ৰহ্মই এক সংবাদ মেলত মন্তব্য কৰে। তেওঁ সংবাদ মেলত আৰু কয় যে সম্প্ৰতি বিপিএফৰ চৰাইবিল ব্লকৰ উপ সভাপতি তথা টিচিএলচিচিৰ প্ৰাক্তন সভাপতি ৰঘুনাথ বসুমতাৰীয়ে বিজেপিত যোগদান কৰাটো আমাৰ বাবে মংগলজনক হৈছে।তেওঁৰ বিজেপিত যোগ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিল্লা কুমাৰ ব্ৰহ্মই ৰঘুনাদ বসুমতাৰীক এগৰাকী ক্ষমতালোভী আৰু স্বাৰ্থপৰ ব্যক্তি বুলি উল্লেখ কৰে৷ বিপিএফ দলত থাকি একমাত্ৰ নিজৰ স্বাৰ্থ আদায় কৰি এতিয়া নতুনকৈ সপোন দেখি ৰঘুনাথ বসুমতাৰীয়ে বিজেপিত যোগদান কৰিছে যদিও তেওঁৰ এই পদক্ষেপেত বিপিএফ দল লাভান্বিত হ’ল বুলি কটাক্ষ কৰি বিল্লা কুমাৰ ব্ৰহ্মই আৰু কয় যে জন সমাজত সামান্যতম অস্তিত্ব নথকা দল বাগৰা ৰঘুনাথ বসুমতাৰীক বিপিএফ দলে উপ সভাপতি পদত অধিষ্ঠিত কৰাৰ লগতে টিচিএলচিচিৰ দ্বায়িত্ব অপৰ্ণ কৰিছিল কিন্তু তেওঁৰ কামকাজে দলৰ নেতা-কৰ্মী সকলেই অতিষ্ঠ হৈ পৰিছিল।বিপিএফ দলতো জনপ্ৰিয়তা হেৰুৱাই এতিয়া বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষনত পুনৰ দল বাগৰি বিজেপিত যোগদান কৰি নিজৰ স্বাৰ্থ আদায়ৰ সপোণ দেখিছে।তেওঁৰ সপোণ যে কেতিয়াও বাস্তবায়িত নহয় সেয়া নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে তেওঁ গম পাব৷ গণভিত্তি নথকা স্বাৰ্থান্বেষী ক্ষমতালোভী এনে ৰেডিমেড নেতাৰ বিপিএফত কোনো প্ৰয়োজন নাই। আনকি তেওঁৰ বিজেপি গমনে বিপিএফৰ কোনো ক্ষতি নকৰে বুলি পুনৰ দোহাৰি ব্ৰহ্মই আকৌ কয় যে তেওঁৰ নিচিনা স্বাৰ্থপৰ ব্যক্তিক ভবিষ্যতে কোনোদিন বিপিএফ দলত স্থান দিয়া নহয় আৰু ৰঘুনাথ বসুমতাৰীক বিপিএফ দলৰ পৰা চিৰতৰে বহিষ্কাৰ কৰাৰ কথাও ঘোষণা কৰে চৰাইবিল বিপিএফৰ ব্লক সভাপতি গৰাকীয়ে।

তেওঁ সংবাদমেলটোত আৰু কয় যে চৰাইবিল সমষ্টিত বিজেপি দলে ইউপিপিএলৰ সৈতে গোপন মিতিৰালি কৰি ভোট যুঁজত নামিছে যদিও দুয়োটা দলে চৰাইবিলত প্ৰচণ্ড মুখথেকেছা খাব আৰু বিপিএফ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ পুনৰ বিটিচিৰ কাৰ্যবাহী সদস্য হোৱাটো যে নিশ্চিত সেয়া উক্ত সমষ্টিৰ সকলো জাতি-ধৰ্ম, বৰ্ণৰ লোকে নিশ্চিত কৰি লৈছে। বিজেপি, ইউপিপিএল দলে যিমানে হিংসাত্মক আৰু ঘৃণাৰ বাতাবৰন সৃষ্টিৰ চেষ্টা কৰিব ৰাইজ বিপিএফৰ প্ৰতি সিমানে বেছি আকৃষ্ট হ’ব। ধৰ্মৰ নামত, জাতিৰ নামত বিভাজন কৰা অপশক্তিৰ বিটিচিত যে স্থান নাই আগন্তুক নিৰ্বাচনত বিটিচিবাসী ৰাইজে সেয়া প্ৰমান কৰি দিব বুলিও ব্ৰহ্মই আশাবাদী বুলি সাংবাদিকৰ আগত দৃঢ়তাৰে প্ৰকাল কৰে।