গুৱাহাটী, সংবাদ৩৬৫,১১ মাৰ্চ: ৰেকুইটছ এণ্ড বেলছ টেনিছ এছোচিয়েচন ইন কলাৱৰেশ্যন ক্ৰিয়া ভাৰতীয়ে দ্বিতীয় উত্তৰ-পূব ভাৰতৰ অপেন টেনিছ চেম্পিয়নশ্বিপ ৰঞ্জিত দাসৰ সোঁৱৰণত ১৭ মাৰ্চৰ পৰা ২০ মাৰ্চলৈকে অনুষ্ঠিত হ’ব। গুৱাহাটী মহানগৰীৰ আৰ জি বৰুৱা স্পৰ্টছ কমপেলেক্সত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।

এই উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰেকুইটছ এণ্ড বেলছে এখন সংবাদমেলৰ আয়োজন কৰে। তেওঁলোকে ৪০০ ৰ পৰা ৫০০ লৈকে প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে।

প্ৰতিযোগিতাখন আৰম্ভ হ’ব ১৭ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা আৰু সামৰণি পৰিব ২০ মাৰ্চৰ সন্ধিয়া ৬ বজাত।

আনহাতে, ৰঞ্জিত দত্তৰ নামেৰে দিয়া হ’ব স্ক’লাৰশ্বিপৰ এৱাৰ্ড। স্ক’লাৰশ্বিপত থাকিব মুঠ ১,০০,০০০ টকা। এই স্ক’লাৰশ্বিপ প্ৰদান কৰা হ’ব আটাইতকৈ ভাল খেল প্ৰদৰ্শন কৰা প্ৰতিযোগীক।

ইয়াৰোপৰিও অপেনিং চেৰিমনিত জিজা মাতা পুৰস্কাৰ নামেৰে বিশেষ সম্বৰ্ধনা জনোৱা হ’ব খেলুৱৈৰ অভিভাৱকসকলক।

সংবাদমেলত তেওঁলোকে কয় যে খেলৰ পৰা আমি বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰোঁ। উচ্চ ,নিম্ন শ্ৰেণীৰ ভেদ ভাৱ আঁতৰাই সকলো এক ভাৰতীয় হৈ থকাৰ উদ্দেশ্যেৰেই জন্ম হৈছে ক্ৰিয়া ভাৰতীৰ।

উল্লেখযোগ্য যে অসমত ২০১৬ চনৰ পৰা আৰম্ভ হৈছিল ক্ৰিয়া ভাৰতীৰ।