গুৱাহাটী, সংবাদ ৩৬৬, ১২ ছেপ্টেম্বৰ : মহানগৰ আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই অলিয়ে-গলিয়ে প্ৰতিদিনে সংঘটিত হৈ আহিছে দিনডকাইটিৰ ঘটনা । এইবাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত সংঘটিত হ’ল দিনডকাইতিৰ ঘটনা ।

বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা । বৰঝাৰ আৰক্ষী চকীৰ কাষতে এয়াৰপোৰ্ট শাখাৰ ষ্টেট বেংকৰ পৰা দ্বীপৰ বিলৰ চকৰ্দৌৰ হৰেন চন্দ্ৰ দাস নামৰ লোকজনে জীয়ৰিৰ বিবাহৰ বাবে উলিয়াইছিল ৩ লাখ টকা । কিন্তু টকাখিনি বেগত লৈ ওচৰতে বজাৰ কৰি থকা অৱস্থাত মটৰ চাইকেলেৰে অহা দুজনীয়া দুৰ্বৃত্তৰ দলে থপিয়াই লৈ গ’ল সমুদায় ৩লাখ টকা ।

দুপৰীয়া সংঘটিত হোৱা এই ঘটনাৰ পিছতে আৰক্ষীয়ে দুৰ্বৃত্তৰ মটৰ চাইকেলৰ পিছ লৈছিল যদিও কোনো সু-সুত্ৰই উলিয়াব নোৱাৰিলে । মহানগৰীত প্ৰতিদিনে এইদৰে ধন-লুটাৰ ঘটনা সংঘটিত আহিছে যদিও আৰক্ষীয়ে কোনো-ধৰনৰ শুং-সুত্ৰ উলিয়াব নোৱাৰাতো দুৰ্ভাগ্যজনক বিষয় ।

ইতিমধ্যে ঘটনাস্থলীত মহানগৰী আৰক্ষীৰ উচ্চপদস্ত বিষয়া আৰু ক্ৰাইম ব্ৰাঞ্চ ৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।