আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : এইবাৰ শিৱসাগৰত কন্যা শিশুক ধর্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল ৫৫ বছৰীয়া লম্পট। শিৱসাগৰৰ বিষ্ণু নগৰত সংঘটিত হৈছে এই জঘন্য ধর্ষণকাণ্ড। অনুজ দাস ওৰফে অনিমেষ দাস নামৰ এজন লম্পটে সংঘটিত কৰিছে এই জঘন্য কাণ্ড।

অভিযোগ অনুসৰি লম্পট অনুজ দাসে নিজৰ দোকানৰ ভিতৰত এগৰাকী কন্যা শিশুক ধর্ষণ কৰি থকা অৱস্থাত কন্যা শিশু গৰাকীৰ পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰে। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ লগতে লম্পট অনুজ দাসৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হয়।

বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে অনুজ দাসক। কন্যা শিশু গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে বৃহস্পতিবাৰে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হয় লম্পটজনক। স্বাস্থ্য পৰীক্ষাত কন্যা শিশুটিক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ অহা বুলি সদৰি কৰিছে আৰক্ষীয়ে।