গুৱাহাটী, সংবাদ৩৬৫, ২১ নৱেম্বৰ : বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰে অাইটছাই। সংবাদমেল অনুষ্ঠিত কৰি অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন আছামৰ কেন্দ্ৰীয় উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিৰোধিতা কৰে।

উপদেষ্টাগৰাকীয়ে সংবাদমেলত অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ সাংবিধানিক অধিকাৰক লৈ হেতালি খেলা কাৰ্যক কোনোপধ্যে সহ্য কৰা নহ’ব আৰু এনে অন্যায় বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আৰু ন্যায় বিচাৰি ৰাষ্ট্ৰসংঘৰ কোৰ্ট অৱ জাষ্টিচৰ দ্বাৰস্থ হ’ব বুলি জানিবলৈ দিয়ে।

পাংগিঙে কয় যে এখন ৰাজ্যৰ অনুসূচীত জনজাতিয়ে বেলেগ এখন ৰাজ্যত সেই একে ৰাজনৈতিক সামাজিক সাংস্কৃতিক মৰ্যাদা লাভ কৰিব নোৱাৰে বুলি ভাৰতীয় সংবিধান, ৰেজিষ্টাৰাৰ অৱ এচটি কমিচন, আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাত জাৰি কৰা আছে । গতিকে অসমত কোনোপধ্যেই ঝাৰখণ্ডৰ চাহ জনগোষ্ঠী, পশ্চিমবংগৰ জনজাতি কোঁচ ৰাজবংশী আদিৰ জনজাতিৰ মৰ্যাদা সম্ভৱ নহয়।

উপদেষ্টা গৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ জনজাতিসকলক কোনোধৰণৰ সুৰক্ষা নিদিয়াকৈ পুনৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ পোষকতা কৰি নিজৰ ভৰিত বাগী কুঠাৰ মাৰিব খুজিছে ।

সৰ্বানন্দ সোণোৱাল চৰকাৰে এই বিধেয়ক বাতিল কৰক অন্যথা সমগ্ৰ দেশ জুৰি জংগী আন্দোলন, ৰেল ৰখোৱা , অসম বন্ধৰ লগতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলিও হুংকাৰ দিয়ে উপদেষ্টা অৰিন্দম প্ৰিন্স পাংগিঙে।