গুৱাহাটী : অহা ১৭ ছেপ্টেম্বৰত হ’ব লগা মেগা টীকাকৰণ অভিযানত কামৰূপ মেট্ৰ জিলাত অতি কমেও ৬০,০০০ পালি টীকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰত দেশজুৰি আয়োজন কৰা হৈছে মেগা টীকাকৰণ অভিযানৰ৷

এই অভিযানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰূত্বপূৰ্ণ বৈঠক৷ স্বাস্থ্য বিভাগ আৰু বেচৰকাৰী সন্থা সমূহৰে হোৱা এই বৈঠকত টীকাকৰণ অভিযানত বেচৰকাৰী সন্থা সমূহক অধিক সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ যোৱা ২১ জুনত অংশ লোৱা কেন্দ্ৰসমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্ৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে৷

নিয়মীয়া সূচীৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰৰ দিনা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ টীকাকৰণ কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ লগতে কেতবোৰ নিৰ্বাচিত বেচৰকাৰী সন্থাত ২৪x৭ টীকাকৰণৰো নিৰ্দেশ দিয়া হয়৷ এই অভিযানৰ বিষয়ে ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে যথোপযুক্ত ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে৷