গুৱাহাটী, ১৯ ডিচেম্বৰঃ  অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ জালিয়াতিৰে চাকৰি লোৱা নিশামনি ডেকা অৱশেষত আত্মসমৰ্পণ কৰিলে। মিঙলবাৰে নিশামনি ডেকাই মহানগৰী গুৱাহাটীৰ কাহিলিপাৰাত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। জালিয়াতিৰে চাকৰি লোৱা নিশামনি ডেকা আৰক্ষীৰ ভয়ত আত্মগোপন কৰি অৱশেষত ৪০ দিন পিছত অসম আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হোৱাত আৰক্ষীয়ে নিশামনি ডেকাক আটক কৰে। ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰা বিষয়াসকল আৰক্ষীৰ জালত পৰাত নিশামনি ডেকা আত্মগোপন কৰি আছিল আৰু কেইবাবাৰো আদালতৰ ওচৰত জামিনৰ আবেদন কৰিছিল। কিন্তু আদালতে প্ৰতিবাৰেই নিশামনিৰ জামিন নাকচ কৰাত অৱশেষত নিশামনি ডেকাই আৰক্ষীৰ ওচৰত আত্মকসমৰ্পণ কৰে। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ জালিয়াতিৰে ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰি আৰক্ষীৰ জালত পৰা এছিএছ আৰু এপিএছ বিষয়াৰ সংখ্যা ২৪ হল।