মৰিয়নী, সংবাদ ৩৬৫, ৩১ জুলাইঃ ৰাজ্যত হস্তী মানৱৰ সংঘাট বৰ্তমান যেন নিত্যনৈমত্তিক ঘটনা। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এপাল বন্যহস্তীৰ ৷ আকৌ বনৰীয়া হাতীৰ জাক এটাই মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলালে মংগলবাৰে মৰিয়নীৰ নকছাৰীৰ তিৰুৱাল গাঁৱত৷ যোৱা নিশা খাদ্যৰ সন্ধানত মৰিয়নীৰ হোলোংঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰিছিল প্ৰায় ৪০ জনীয়া হাতীৰ বৃহৎ পালটোৱে৷পুৱাৰ ভাগত বন্যহস্তীৰ পালটো অভয়াৰণ্যত প্ৰৱেশ কৰে যদিও পালটোৰ পৰা ফালৰি কাটি যায় এজনী হস্তীনী৷ এই হস্তীনী জনীয়ে তাণ্ডৱ অব্যাহত ৰাখি নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ৷ পুৱাৰ পৰা বৰ্তমানলৈ হাতী জনীয়ে এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে এখন দুচকীয়া বাহনৰো অনিষ্ট সাধন কৰে।অন্যহাতে হাতীজনীক পুনৰ অভয়াৰণ্যলৈ উভতাই পঠাবলৈ নিয়োজিত বনকৰ্মীকো ছোঁচা লয় যদিও কথমপি ৰক্ষা পৰে বনকৰ্মী গৰাকীয়ে। ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত বনকৰ্মী জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।বনবিভাগৰ লোকে শূণ্যলৈ কেইবাজাইও গুলি ফুটাই যদিও বৰ্তমানলৈ হস্তিনী জনীক উভতাই পঠাবলৈ সক্ষম হোৱা নাই।অন্যহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰিয়নী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয় যে বনবিভাগৰ গাফিলটিৰ বাবে হস্তী মানৱৰ সংঘাত বৃদ্ধি পাইছে।পয্যাপ্ত বনকৰ্মীৰ অভাৱত একাংশ দুস্কৃতিকাৰীয়ে গিবন অভয়াৰণ্যৰ গছ গছনি কাটি তহিলং কৰাৰ ফলত বন্য হস্তী সমূহে খাদ্য সংকটত ভুগি এইদৰে জনাঞ্চলত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে।