সৰভোগ, সংবাদ ৩৬৫, ২ নৱেম্বৰ: এইখন অসমতে এক গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে সৰভোগৰ ৰহাত। দৈনিক নাৰী নিৰ্যাতন, বোৱাৰী হত্যা আদি ঘটি থকাৰ সময়তে পুনৰবাৰ বোৱাৰী হত্যাৰ চেষ্টা চলায় বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰহাত। শুকুৰবাৰে ৰাতিপুৱা ৰহাত এগৰাকী বোৱাৰীক স্বামী গৃহৰ লোকে গাত কেৰাচিন ঢালি জুই লগাই হত্যাৰ চেষ্টা কৰে। বোৱাৰী গৰাকী হৈছে ৰহাৰ জাকিৰ হুছেইনৰ পত্নী আম্বিয়া বেগম। গাত জুই লগাই দিয়াৰ লগে লগে আম্বিয়া বেগমে উপায়ন্তৰ হৈ সৰভোগ-কলগাছিয়া গড়কাপ্তানি পথত ওলাই আহে। আৰু পিছত ৰহা চকত থকা ৰাইজে আম্বিয়া খাতুনৰ গাৰ পৰা জুই নিৰ্বাপন কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰে। ইফালে ঘটনা সংঘটিত কৰিয়েই স্বামী গৃহৰ লোকে পলায়ন কৰে যদিও গাঁওখনৰ উত্তেজিত ৰাইজে জাকিৰ হুছেইনৰ গৃহ লণ্ড-ভণ্ড কৰে। এই ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে।