তামুলপুৰ, সংবাদ ৩৬৫, ২ নৱেম্বৰ: বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ ধলাত হোৱা নৰসংহাৰৰ পাছতেই উত্তাল হৈ পৰে ৰাজ্য। ধলাত কোনো উগ্ৰপন্থীদলে ৫ জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আৰু তাৰ সুবিচাৰৰ দাবীত শুকুৰবাৰে দিনৰ ১ বজাত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু বি টি চি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ যৌথ আহ্বাহনত কেইবা শতাধিক পুৰুষ-মহিলাই স্বতঃস্ফুৰ্তভাৱে ওলাই আহি ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। অৱৰোধকাৰী সকলে অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, এই জুই জ্বলিছে জ্বলিবই, মৃণাল হাজৰিকা মুৰ্দা বাদ, জিতেন দত্তক ফাঁচি দিয়ক, অখিল গগৈ মুৰ্দাবাদ আদি ধ্বনিৰে কুমাৰীকাটাৰ পৰিৱেশ উত্তাল কৰি তোলে। শুকুৰবাৰৰ এই কাৰ্যসূচীত সদৌ অসম বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ সভাপতি অধীৰ আৰ্য, সম্পাদক পৰিমল শীল, বি টি চি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুজন পাল, এন এল এফ বি(আলোচনা পন্থী) ৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পোদ্দাৰ, সাধাৰণ সম্পাদক বাপ্পী কুমাৰ দাস, জিলা কমাণ্ডাৰ মহিম দাস, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ প্ৰাক্তন সভাপতি নৰেন দাস আৰু বাঙালী ফেডাৰেচনৰ, তামুলপুৰ, লটিবাৰী, কুমাৰীকাটা আৰু কাউলীৰ সদস্য সকল উপস্থিত থাকে।