তামুলপুৰ, সংবাদ ৩৬৫, ২ নৱেম্বৰ: বৃহস্পতিবাৰে নিশা তিনিচুকীয়াৰ ধলাত হোৱা নৰসংহাৰৰ ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্য তথা দেশ কপাই তুলিছে। কোনো দুস্কৃতিকাৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া ধলাত ৫ জনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰা ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ অব্যাহত আছে। আৰু এই নৰসংহাৰৰ ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে সন্ধিয়া তামুলপুৰৰ কাউলী বজাৰ প্ৰাংগণত শতাধিক ৰাইজ, তথা বজাৰ বনিক সন্থাৰ সদস্যসকল উপস্হিত হৈ নিহত লোক সকলৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে।