গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ : বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কয়লা মাফিয়া তথা মূল অভিযুক্ত অশোক নাথ আৰু ৰমেশ ৰায়ক । ২০ ফেব্ৰুৱাৰীত কয়লা কঢ়িওৱা ট্ৰাকৰ চালকক বৰ্বৰতাৰে আক্ৰমণ কৰিছিল কয়লা মাফিয়াই । লগতে আক্ৰমণ কৰাই নহয় ইয়াৰ দৃশ্যও আপলোড কৰিছিল চচিয়েল মিডিয়াত।
ইয়াৰ পূৰ্বেও আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছিল ।
উল্লেখ্য যে ট্ৰাকখনত কঢ়িয়াই অনা কয়লা চালকজনৰ অজ্ঞাতে ট্ৰাকৰ হেণ্ডিমেন জনে বিক্ৰী কৰিছিল গোলাঘাটত । কয়লা মাফিয়াই হেণ্ডিমেন জনক বিচাৰি নোপোৱাত চালকজনকে ওৰে নিশা শিকলিৰে বান্ধি বৰ্বৰতাৰে আক্ৰমণ কৰিছিল ।