গুৱাহাটী,সংবাদ৩৬৫,৭মাৰ্চ : অসম চৰকাৰৰ সমবায় বিভাগৰ নেতৃত্বত ইউনিয়ন বেংক লিমিটেডৰ কেইবাকোটি টকাৰ কেলেংকাৰীৰ সন্দৰ্ভত বিজয় নগৰ শাখাৰ পৰিচালকে এখন সংবাদমেল অনুষ্ঠিত কৰে।
অসমত অৱস্থিত কৃষ্ণা ক্ৰেডিট কো প্ৰাইভেট লিমিটেডৰ ২৫ তা শাখা এছকাৰ্ড বেংক লি নামৰে বেংক ব্যৱসায় চলাই থকা সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২০০৭ চনৰ আদেশ অনুসৰি এছকাৰ্ড বেংক লিমিটেড ৰ ২৫ তা শাখা দি ইউনিয়ন কো অপাৰেটিভ বেংক লিমিটেডৰ লগত একেলগ কৰি দিয়ে। কিন্তু ইউনিয়ন কো অপাৰেটিভ বেংক লিমিটেডৰ সঞ্চালক মণ্ডলীয়ে আজিলৈকে এছ কাৰ্ড বেংক লিমিটেডৰ ২৫ তা শাখা একত্ৰীকৰণ কৰা নাই। ইয়াৰ ফলত এছকাৰ্ড বেংক লিমিটেডত জমা কৰা গ্ৰাহক সকলে আজিলৈকে টকা ঘূৰাই পোৱা নাই। এই ক্ষেত্ৰত কোটি কোটি টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে।
এই সম্পৰ্কে বিজয় নগৰ শাখাৰ পৰিচালক হিচাপে মহেন্দ্ৰ দাসে মাত মতাত,কথা খিনি কবলৈ যোৱাত তেখেতক লগে লগে কামৰ পৰা বৰ্খাস্ত কৰি দিয়ে বেংক কতৃপক্ষই।
আনহাতে, উক্ত কথাবোৰ কাকো নজনাবলৈ বেংক কৰ্তৃপক্ষই বাৰে বাৰে মহেন্দ্ৰ দাসক ফোনৰ যোগেদি সকীয়াই আছিল। ইয়াৰোপৰি উক্ত সংবাদমেলত মহেন্দ্ৰ দাসৰ উপৰিও আৰু দুজন ব্যক্তি অহাৰ কথা আছিল যদিও তেওঁলোকে বিভিন্ন ভাবুকিৰ সন্মুখীন হোৱাৰ ভয়ত বিভিন্ন অজুহাত দেখুৱাই সংবাদমেলত উপস্থিত ন’হল।
ইয়াৰোপৰি দি ইউনিয়ন কো অপাৰেটিভ বেংকৰ ২০০১-২০০৪ চনলৈ বেংক পৰিচালনা সমিতিৰ সদস্য সকলৰে এজন ৰাজেন্দ্ৰ দাসক গুৰুত্বপূৰ্ণ পদত কাম কৰিব দি সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিছে আৰু পৰিচালনা সমিতিৰ সদস্যসকলে উক্ত সময়ছোৱাৰ ভিতৰত কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে মহেন্দ্ৰ দাসে।
এই সংক্ৰান্তত আদালতত বিচাৰ চলি আছে আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ সমবায় বিভাগ অৱগত হোৱাৰ পিছতো কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই।