গুৱাহাটী, সংবাদ৩৬৫,৭মাৰ্চ: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন,বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি,স্বামী বিবেকানন্দ যুৱ সমিতি আৰু শ্বহীদ কনকলতা মহিলা উন্নয়ন সমিতিৰ ৰাজ্যিক কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত তেওঁলোকে কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫৫ লাখ হিন্দু বাঙালীসকলে স্বাধীনতাৰ কালৰে পৰা বঞ্চিত আৰু অত্যাচাৰিত হৈ আহিছে। নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো আমাৰ ওপৰত পৰিকল্পিতভাৱে বিদেশীৰ নামত ডি ভোটাৰৰ নামত ডিতেনশ্যন কেম্পৰ নামত প্ৰকৃত ভাৰতীয় সকলক অত্যাচাৰ কৰি আহিছে। যাৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী সকল অৰ্থনৈতিকভাৱে, সামাজিকভাৱে তথা ৰাজনৈতিক ভাৱে পঙ্গু হ’ব লগা হৈছে।

হিন্দু বাঙালীসকলৰ এই জ্বলন্ত সমস্যা সমূহ স্থায়ী সমাধানৰ বাবে যোৱা লোকসভা আৰু বিধানসভা নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী সকলে ভাৰতীয় জনতা পাৰ্টিক ভোট দান কৰিছিল যদিও তেওঁলোকৰ সমস্যাসমূহ সমস্যা হৈয়েই থাকি গল।

সংবাদমেলত তেওঁলোকে আৰু কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাত গৰিষ্ঠ সংখ্যক বিধায়ক তথা এজনো হিন্দু বাঙালী সাংসদ নথকাৰ বাবেই তেওঁলোকৰ সমস্যাবোৰৰ স্থায়ী সমাধান হোৱা নাই। ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী সকলক দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে।

অসমীয়া বাঙালীৰ ভাতৃত্ব ৰক্ষাৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এজন হিন্দু বাঙালী প্ৰাৰ্থী সাংসদ বিচাৰি তেওঁলোকে কয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাঁও লোকসভা সমষ্টিত যিহেতু ৩৫% হিন্দু বাঙালী নিৰ্ণায়ক ভোটাৰ। সেই কাৰণে নগাওঁ লোক সভাৰ পৰা এজন বাঙালী হিন্দু প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ বাবে দাবী জনাইছোঁ। অন্যথা গোটেই অসমত ইয়াৰ প্ৰভাৱ পৰিব আৰু হিন্দু বাঙালী সকলৰ ৰক্ষাৰ স্বাৰ্থত সময়ত উপযুক্ত সিদ্ধান্ত লবলৈ বাধ্য হম।