গুৱাহাটী, সংবাদ৩৬৫,৮মাৰ্চ: যৌতুক নিদিয়াৰ বাবেই হত্যা পত্নীক । লাঠীৰে কোবাই কোবাই পত্নীক নৃশংস ভাবে হত্যা কৰে স্বামীয়ে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ নুনমাটি থানা এলেকাৰ গীতামন্দিৰৰ সমীপৰ পানীপথত।
উক্ত ব্যক্তিজনৰ নাম চফীজুল আলি।পেছাত গাড়ীচালক।গীতামন্দিৰৰ পানীপথৰ বাসিন্দা চফীজুল আলিয়ে ৯ বছৰ পূৰ্বে মৰিগাঁও ৰ জুনুৱাৰা বেগমৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকৰ দুটি পুত্ৰ সন্তানৰো জন্ম হয়।
পেছাত গাড়ীচালক চফীজুল আলিয়ে নিতৌ সুৰাপান কৰি ঘৰলৈ আহে আৰু পত্নীক যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। যোৱা তিনি মার্চত চফীজুল আলিয়ে অত্যধিক সুৰাপান কৰি ঘৰলৈ আহি যৌতুক বিচাৰি পত্নীৰ মূৰত লাঠিৰে উপৰ্যুপৰি আঘাত কৰে। ফলত গুৰুতৰ ভাৱে আহত হোৱা পত্নীক ওচৰৰে গেট হাস্পাতালত ভৰ্তি কৰায় ।
আনহাতে,স্বামী চফীজুল আলিয়ে জুনুৱাৰা বেগমৰ মাতৃ গৃহত ফোন কৰি খবৰ দিয়ে যে পত্নী মাটিত পৰি আহত হৈছে। পাছত মাতৃৰ পৰিয়ালৰ লোক হাস্পাতালত আহি খৱৰ লোৱাত ঘটনাৰ আঁৰৰ ৰহস্য ওলাই পৰে।
ইফালে মূৰত লাঠীৰে উপৰ্যুপৰি আঘাত কৰাৰ ফলত পত্নী জুনুৱাৰা বেগমৰ অধিক ৰক্তক্ষৰণ হয় আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গেট হাস্পিতালে গণেশগুৰিৰ এদভান্স নিউৰো চাইন্স হাস্পিতালত সংকট জনক অৱস্থাত ভৰ্তি কৰায়। জুনুৱাৰা বেগমে বিগত তিনি দিন ধৰি আই চি ইউত মৃত্যুৰ সৈতে যুঁজি বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । লগে লগে আৰক্ষীয়ে চফীজুল অলীক গণেশগুৰিৰ হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে স্বামীৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত অভিযুক্ত স্বামীক আৰক্ষীয়ে থানাত জেৰা চলাই আছে আৰু ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ ৩০৪ (বি) নং ধাৰাৰ অধীনত থানাত ১১৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।