গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : জীৱনৰ ঘাত-প্ৰতিঘাত পাৰ কৰি নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সমাজত যি সকল মহিলা ব্যতিক্ৰম কৃতিত্ব অর্জন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক সন্মান জনোৱাৰ লগতে জনসমাজত তেওঁলোকক পৰিচয় দাঙি ধৰাৰ উদ্দেশ্য প্ৰতি মাহে “ৰেচপেক্ট অ’মেনহুদ” বা “নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন” শীৰ্ষক অনুষ্ঠান নিয়মিতভাৱে অনুষ্ঠিত কৰি আহিছে ব্যতিক্ৰম মাছডোৱে।
মাৰ্চ মাহৰ উক্ত অনুষ্ঠানৰ অতিথিসকল অসম আৰু জাপানৰ মহিলা বাউল। উক্ত অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত।
উল্লেখযোগ্য যে মহিলাক যথাযোগ্য মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ব্যতিক্ৰম গোষ্ঠী সর্বদাই অগ্ৰণী। এই সম্পৰ্কে মাছডোৰ সভাপতি ডঃ সৌমেন ভাৰতীয়াই কয় যে আমি নাৰীসকলৰ সুপ্ত প্ৰতিভাক দাঙি ধৰাৰ চেষ্টা কৰি আহিছো লগতে প্ৰতিভাময়ী নাৰীসকলক যথাযোগ্য সন্মান যাচিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে এই অনুষ্ঠানৰ জৰিয়তে।