গুৱাহাটী, সংবাদ ৩৬৫, ১এপ্ৰিল : ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকাৰ সংবাদমেল । সংবাদমেলত নিৰ্বাচনী আহ্বানো মুকলি।

সংবাদমেলত উপমন্যু হাজৰিকাই কয় যে খিলঞ্জীয়া যিহেতু নিৰ্দলীয় সেইবাবে খিলঞ্জীয়াই নিৰ্দলীয়ক ভোট দিয়াৰ বাহিৰে বিকল্প নাই ।

হাজৰিকা আৰু কয় যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা ৭০ হাজাৰ ঘোষিত বাংলাদেশী অন্তৰ্ধানৰ বিষয়টো অতি দুর্ভাগ্যজনক আৰু দুখঃ লগা। এয়া অসমৰ খিলঞ্জীয়াৰ প্ৰতি আন্তৰিকতা হীনতা । এই ৭০ হাজাৰ বিদেশী নিৰুদ্দেশ হোৱাক লৈ কোনো মূল ৰাজনৈতিক দলৰ প্ৰতিক্ৰিয়া নাই। এওঁলোক কেৱল বিদেশীয়েই নহয় , আইনগতভাৱে অপৰাধীও।

তৰুণ গগৈক কটাক্ষ কৰি হাজৰিকাই কয় ২০১৫ চনত সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেৱল ভোটৰ স্বাৰ্থতে বাংলাদেশী ৰক্ষণাবেক্ষণৰ বাবে শপতনামা দাখিল কৰিছিল আৰু এতিয়া ক্ষমতা হেৰুৱাৰ পাছত নিজকে নিৰ্দোষী সজাবলৈ কেবৰ বিৰুদ্ধে কৈ আহিছে।

গুৱাহাটী সমগ্ৰ উত্তৰ-পূৱৰ অৰ্থনৈতিক ৰাজধানী যদিও ই ভাৰতৰ আন উন্নত আৰু আগবঢ়া চহৰৰ সমকক্ষ নহয় সেইবাবে এই সমূহৰ সমাধানস্বৰূপে কিছুমান বিশেষ পদক্ষেপত গুৰুত্ব আৰু সমৰ্থন দিয়াৰ কথাও সংবাদমেলত সদৰী কৰে উপমন্যু হাজৰিকাই।