গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল : লোক জাগৰণ মঞ্চ,অসমৰ সংবাদমেল । এশ শতাংশ ভোটদান কৰি ভাৰতবৰ্ষক এখন সমৃদ্ধ শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ ৰাইজক আহ্বান লোক জাগৰণ মঞ্চৰ। তেওঁলোকে কয় যে এইয়া এইয়া পঞ্চায়তৰ নিৰ্বাচন নহয়, কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ গঠনৰ উদ্দেশ্য অনুষ্ঠিত কৰা নিৰ্বাচন ।
সংবাদমেলত তেওঁলোকে কয় আমাৰ দেশৰ দৰিদ্ৰতাৰ মূলতে হ’ল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ। সেয়েহে এটাৰ পাছত আনটোকৈ কেলেংকাৰী কৰিও যিকোনো প্ৰকাৰে ক্ষমতা লাভ কৰিবলৈ বিচৰাসকলক ন্যায়িক প্ৰক্ৰিয়াৰে এসেকা দিবলৈ বদ্ধপৰিকৰ প্ৰধানমন্ত্ৰী এগৰাকী আমাক লাগে।
অসমৰ বাবে নিৰ্বাচনটো অতিশয় গুৰুত্বপূৰ্ণ । অসমৰ খিলঞ্জীয়া লোকসকল অস্তিত্বৰ সংকটত ভুগিছে। অনুপ্ৰৱেশৰ পৰিণতিত আজি অধিকাংশ জিলাত পূৰ্ববংগীয় মূলৰ মুছলমানলোকৰ সংখ্যা গৰিষ্ঠতা বিৰাজ কৰিছে। জন গাথঁনিৰ এনে ভয়াবহ পৰিবৰ্তনৰ ফলত এহাতে খিলঞ্জীয়া লোকৰ সংস্কৃতি নিঃচিহ্ন হ’বলৈ ওলাইছে। আনফালে অসমত জেহাদী সংগঠনৰ তৎপৰতাও বাঢ়িছে। আমি এনেগৰাকী প্ৰধানমন্ত্ৰী বিচাৰো যিয়ে এই অপশক্তিবোৰৰ বিৰুদ্ধে অসমক সুৰক্ষা দিব পাৰিব।