দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৪ এপ্ৰিল : যোৱা কেইদিনমান আগতে গোলাঘাটত বিষাক্ত চুলাই খায় বহুতো লোক মৃত্যুমুখত পৰা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল । তাৰ পিছতো শিক্ষা লাভ কৰা নাই চুলাই মদ বিক্ৰেতা তথা চুলাই মদ সেৱনকাৰীয়ে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে চুলাইৰ ৰমৰমীয়া বেহা । বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পুৰান কাৰিপাৰা আৰু মিৰ্জাৰ বজাৰত আবকাৰী বিভাগে উৎখাত কৰে চুলাই মদৰ বৃহৎ ঘাটি । বৃহস্পতিবাৰে আবকাৰী বিভাগৰ মিৰ্জা আবকাৰী চক্ৰ,ছয়গাও আবকাৰী চক্ৰ,বকো আবকাৰী চক্ৰ আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত এটি বৃহৎ দলে উৎখাত কৰে দীৰ্ঘদিনে চলাই থকা চুলাৰ ঘাটি সমুহ ।
আবকাৰী সহপৰিক্ষক সতিশ বৰ্মনৰ নেতৃত্বত চলা এই অভিযান কালত ২৫০ লিটাৰৰো অধিক চুলাই মদৰ লগতে চুলাই মদত প্ৰস্তুত কৰা বহু বাচন-বৰ্তন,সামগ্ৰী নষ্ট কৰে । ইয়াকে লৈ একাংশ লোকে আৰক্ষীৰ সৈতে এক বাক-বিতংকাতো লিপ্ত হৈছিল ।
এই চুলাই ঘাটিয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত শৈক্ষিক পৰিবেশৰ লগতে চুবুৰীয়াৰ পৰিৱেশো বিনষ্ট কৰি আহিছিল । উল্লেখ্য যে পুৰান কাৰিপাৰা অঞ্চলটি আৰু মিৰ্জা বজাৰৰ একেবাৰে গাতে লাগি আছে মহাবিদ্যালয়ৰ লগতে তিনি-চাৰিখন চৰকাৰী বিদ্যালয় ।