নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ জুন : ২০০৪ চনৰ ১৫ আগষ্টৰ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ব কঁপাই তোলা ধেমাজিৰ বোমা বিস্ফোৰণ। সকলোৱে নিশ্চয় পাহৰা নাই ধেমাজি কাণ্ড । টিভিৰ পৰা বাতৰিৰ শিৰোনামলৈকে দখল কৰিছিল ধেমাজিৰ কাণ্ডই । ১৫ আগষ্টত এক শক্তিশালী বোমাই কঁপাই তুলিছিল সমগ্ৰ ধেমাজি ।
উল্লেখযোগ্য যে ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ আয়োজন কৰিছিল ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত ধেমাজিৰ জিলা প্ৰশাসনে । ৫৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিবলৈ লৈছিল সেইসময়ৰ উপায়ুক্ত মুকেশ চাহুৱে । পতাকা উত্তোলন কৰিবলৈ লওঁতেই এক বিকট কান তাল মৰা শব্দৰ লগতে ক’লা ধোঁৱাই ধেমাজিৰ আকাশ-বতাহ চানি ধৰিছিল। মুহূৰ্ততে কি হ’ল কোনেও ধৰিব পৰা নাছিল । অ’ত-ত’ত চিটিকি পৰিছিল জীয়া মাংস , ক’ৰবাত হাতৰ এক অংশ , ক’ৰবাত ভৰি । ভৰি পৰিছিল তেজ আৰু মাংস পিণ্ডৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ ।
খেলপথাৰৰ অস্থায়ী মঞ্চৰ পৰা কিছু নিলগত বিস্ফোৰিত হৈছিল এক শক্তিশালী বোমা । যাৰ ফলত বিস্ফোৰণস্থলীত সৃষ্টি হৈছিল প্ৰকাণ্ড বহল আৰু দ গাঁতৰ । বোমাটো বিস্ফোৰণ ঘটাইছিল নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী,অসম ,চমুকৈ আলফাই । বিস্ফোৰণত থিতাতে নিহত হৈছিল ১৩ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী। গুৰুত্বৰভাৱে আহত হৈছিল ২১ জন লোক।
বোমা বিস্ফোৰণৰ তদন্তৰ প্ৰক্ৰিয়াত ১৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিছিল ধেমাজিৰ আৰক্ষীয়ে । ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰিছিল প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ । ইফালে অভিযুক্ত ১৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে সাক্ষ্যদান কৰি ধেমাজি ছেছন আদালতে আজিৰ দিনটোতে অৰ্থাৎ ২০ জুনত ৰায়দান দিয়াৰ কথা আছিল । ভৰত নৰহেও ইতিমধ্যে সাক্ষ্যদান কৰিছে ধেমাজিৰ আদালতত । সমগ্ৰ বিষয়টো অপৰাধ অনুসন্ধান শাখাই চলোৱাৰ পাছতেই তীব্ৰ ৰাজনৈতিক হেঁচাৰ ফলত ভৰত নৰহ সাৰি যায় বুলিও অভিযোগ উঠে বিভিন্ন মহলত । অভিযোগ উঠিছিল যে এই তদন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ছত্ৰছায়াতে চি বি আইৰ হাতলৈ প্ৰেৰণ নহ’ল । তাৰমানে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সুৰক্ষা প্ৰদান কৰিলে নেকি ভৰত নৰহক ?
ইফালে ৰহস্যজনকভাৱে গোচৰটোৰ ৰায়দানৰ আগে আগে হত্যাৰ বলি হ’ল অধিবক্তা । অভিযুক্ত চাৰিজনৰহৈ উকালতি কৰিছিল অধিবক্তা ঘনশ্যাম লাহনে ৷ কিন্তু অতি ৰহস্যজনকভাৱে ঘনশ্যাম লাহনৰ মৃত্যু হয় ৷ পৰিয়ালৰ অভিযোগ এইয়া এক হত্যাকাণ্ড কাৰণ তেখেতৰ মূৰত ঘপিওৱাৰ চিন আছে । স্বাভাৱিকতেই বহু প্ৰশ্নৰ উদ্বেগ হয় । অধিবক্তাজনৰ ওচৰত এনে কি তথ্য আছিল যাৰ বাবে তেখেতক ৰহস্যজনকভাৱে হত্যা কৰা হ’ল ? ইফালে চি বি আইৰ তদন্তৰ দাবী কৰাৰ পাছতো কিয় চিবিআইক হস্তান্তৰ কৰা নহ’ল গোচৰটো? সঁচাকৈয়ে ধেমাজি কাণ্ডৰ লগত জড়িত আছিল নেকি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ ? যদি নিৰ্দোষী আছিল তেনেহলে তৰুণ গগৈয়ে কিয় ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিছিল ? নে মন্ত্ৰী হোৱাৰ বাবেই সাৰি গ’ল ভৰত নৰহ । কি অপৰাধ কৰিছিল নিৰীহ কণ কণ শিশুকেইটাই ? কণ কণ শিশুক হত্যা কৰি আলফাই অসম স্বাধীন হোৱাৰ সপোন দেখিছিল নেকি ? ন্যায় পাবনে ১৩ নিৰীহৰ পৰিয়ালে ?
আমাৰ আইন ব্যৱস্থা ইমানেই দুৰ্বল নে য’ত হত্যাৰ ধ্বংস যজ্ঞ পাতিও দোষী কোন গম পোৱাৰ পাছতো দোষী মুকলি আকাশৰ তলত ঘুৰি ফুৰিব পাৰে । য’ত এটা ন্যায় পাবলৈ অপেক্ষা কৰিব লগা হয় বহু বছৰ , পাৰ কৰিবলগীয়া হয় এক দীঘলীয়া পৰিক্ৰমা ।