গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা শ্ৰীৰাম নামৰ বাছখনত হঠাতে অগ্নিৰ সূত্ৰপাত ঘটে। জুই লগাৰ ফলত বাছখনত থকা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে নৈশ বাছখন গুৱাহাটীৰ আন্তৰাষ্ট্ৰীয় বাছআস্থানৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল আৰু খানাপাৰাস্থিত মেঘালয় থানাৰ সন্মুখতে বাছখনৰ আগভাগত অগ্নিৰ সূত্ৰপাত ঘটে।
বাছখনত যাত্ৰা কৰিছিল মুঠ ৫০ গৰাকী যাত্ৰীয়ে। গোটেইকেইগৰাকী যাত্ৰীকে বাছখনৰ চালক আৰু কৰ্মচাৰীৰ তৎপৰতাত সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।
ইফালে খুব কম সময়ৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে । উক্ত ঘটনাৰ খবৰ পায় ঘটনাস্থলীত দিছ্পুৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দলে উপস্থিত হৈ বাছৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণভাৱে জ্বলি যায় বাছখনৰ আগ অংশ।
আৰক্ষীৰ সন্দেহ যান্ত্ৰিক বিজুতিৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল।
বাছখনৰ নম্বৰ আছিল এ এছ ০১ বি চি ৩৪৭৭।