গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ : পুনৰ মাধমাৰ সোধালে জনসাধাৰণক। বৃদ্ধি পালে বাছ, অটো , ট্ৰেকাৰৰ ভাড়া । সোনোৱাল চৰকাৰে সকলো ধৰণৰ ৰাজহুৱা পৰিবহণৰ ভাড়া বৃদ্ধি কৰিলে ২৫ শতাংশলৈ ।

এতিয়াৰে পৰা চিটি বাছত উঠিলেই যাত্ৰীয়ে দিব লাগিব ৮ টকা ভাড়া। প্ৰতি কিলোমিটাৰ বাছৰ ভাড়া হ’ব ৮ টকা। ১- ৫ কিলোমিটাৰৰ ভাড়া হ’ব ৮ টকা , ৯ কিলোমিটাৰৰ ভাড়া ১০.৯৪ টকা, ১৩ কিলোমিটাৰৰ ১৪.৮৫ টকা, ১৭ কিলোমিটাৰৰ ভাড়া ১৮.৭৫ টকা, ২১ কিলোমিটাৰৰ ভাড়া ২২.৬৬ টকা আৰু ২৫ কিলোমিটাৰৰ ভাড়া হ’ব ২৬.৫৬ টকা।

বৃদ্ধি কৰা হৈছে দূৰণিবটিয়া বাছৰ ভাড়াও । ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ নূন্যতম ভাড়াও ১১ টকা ।

দূৰণিবটীয়া বাছত ১.০৮ টকা, ১.৩৩ টকালৈ ডিলাক্স ছুপাৰ এক্সপ্ৰেছ, অল আছাম টুৰিষ্ট ওমনি বাছ, অল ইণ্ডিয়া টুৰিষ্ট ওমনি বাছত প্ৰতি কিলোমিটাৰত বৃদ্ধি কৰা হৈছে। ইয়াৰোপৰি ১.৫৪ টকালৈ প্ৰতি কিলোমিটাৰত শীততাপ নিয়ন্ত্ৰিত বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে।

ইফালে অটোত প্ৰথম কিলোমিটাৰত ২৫ টকা ভাড়া বৃদ্ধি কৰাৰ বিপৰীতে ৯.৩৮ টকাকৈ প্ৰথম ৪ কিলোমিটাৰত ভাড়া বৃদ্ধি পাব ট্ৰেকাৰৰ ।