দক্ষিণ শালমাৰা মানকাচৰ, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ : ধুবুৰী গড় কাপ্তানী বিভাগৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ আৰ জে ডি এফ আঁচনিৰ অধীনত ঠিকা লাভ কৰিছিল নজৰুল ইছলামে । ২০১৮ চনতে এই কামটোৰ শুভ উদ্বোধন কৰিছিল মানকাচৰ সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে।

কেইবালাখ টকাৰ এই কামটোক কেন্দ্ৰ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে এটা চক্ৰই সংবাদ মাধ্যমত কিছুমান বাতৰি প্ৰকাশ কৰিছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চকটোত।

উক্ত ঘটনাটোক লৈ সচেতন মহলে শনিবাৰে আবেলি বিভিন্ন শ্লো গানেৰে বিধায়কজনৰ বিৰুদ্ধে প্ৰচাৰ হোৱা বাতৰিবোৰ ভুৱা বুলি দাবী কৰাৰ লগতে বাতৰি প্ৰকাশ কৰাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু ঠিকাদাৰজনক ৰাস্তাৰ কামটো ভালদৰে কৰিবলৈ আহ্বান জনায়।