গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : বীৰ লাচিত সেনাৰ শৃংখল চালিহাক হাজিৰ মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। আৰক্ষী আৰু সেনা-বাহিনীৰ কট-কটীয়া নিৰাপত্তাবেষ্টনীৰ মাজতেই জয় আই অসম ধ্বনি শৃংখল চলিহাৰ। বীৰ লাচিত সেনাৰ সদস্যও আদালতৰ চৌহদ জয় আই অসম ধ্বনিৰে উত্তাল কৰি তোলে ।

বীৰ লাচিত সেনাৰ উপদেষ্টাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য , “জিতেন দত্ত, অখিল গগৈ, শৃংখল চলিহাক টাৰ্গেট কৰি লৈছে। এনেদৰে কাৰাৰুদ্ধ কৰি ৰাখিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ ৰ দৰে ভয়ংকৰ আন্দোলন গঢ়ি তুলিম যত বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱালহতেও বাৰীৰ পিছে পিছে লুকাই লুকাই পলাব লাগিব। ”

বীৰ লাচিত সেনাৰ আন এগৰাকী সদস্যৰ মন্তব্য , “বিজেপি চৰকাৰে কিছুমান আক্ৰুশমূলক কাম-কাজ কৰিছে। ৰাইজেও প্ৰত্যক্ষ কৰিছে । সংগ্ৰামী সতীৰ্থক জেললৈ পঠাইছে। কোনোধৰণৰ সংগ্ৰামীক পোতাশাললৈ নিক্ষেপ কৰি সংগ্ৰামক স্তব্ধ কৰিব নোৱাৰে। কোনোকাৰণতে আমি সেইয়া হবলৈ নিদিওঁ। প্ৰতিবাদ কৰিবলৈ হাজাৰজন অখিল গগৈ, জিতেন দত্ত, শৃংখল চলিহা ওলাই আহিব। তেতিয়া অসমৰ কোনো এখন জেলত ৰাখিবলৈ জেগা নাইকিয়া হৈ যাব । ”

উল্লেখ কৰিব পাৰি যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা ২৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

কা বিৰোধী আন্দোলনত ভাষণ দি থাকোতেও ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।