নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৭ জুন : কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানে দেখা দিছে ৰাজ্যত। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানপানীৰ কবলত। মহাবহু ব্ৰহ্মপুত্ৰকে ধৰি নৈ-উপনৈ সমুহৰ পানী বৃদ্ধি পাবলৈ ধৰিছে ফেনেফুটুকাৰে। উফন্দি উঠা নৈ-উপনৈ সমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰাত শংকটি হৈ পৰিছে নৈ পৰিয়া ৰাইজ।
বছৰৰ দ্বিতীয়টো বানপানীয়ে ৰাজ্যৰ কেইবাখনো জিলাত তাণ্ডৱ চলাই থকাৰ সময়তে বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে নগৰবেৰাত৷ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰে জলজলী নৈ উপচি পৰাত জলমগ্ন হৈ পৰিছে নগৰবেৰাৰ কেইবাখনো গাঁও, সম্পূৰ্ণ বুৰ গৈছে বহু লোকৰ ঘৰকে বাট-পথ৷ অঞ্চলটো অতিকৈ গুৰুত্বপূৰ্ণ নগৰবেৰা কলেজলৈ যোৱা একমাত্ৰ পথটি দুঠাইত বাঢ়নী পানীত ডুৱ যোৱাত সমস্যাৰ সৃষ্টি হৈছে যাতায়তৰ ক্ষেত্ৰত৷ কলৰ ভুৰ আৰু হাত নাওঁৰে ৰাইজে আব্যাহত ৰাখিছে পথটিৰে অহা-যোৱাৰ৷ তদুপৰি বানৰ কৱলত পৰি অঞ্চলটোৰ কেবাটাও পৰিয়ালে ঘৰ পানীৰ তলত ডুব যোৱাত ঘৰ এৰি বিভিন্ন স্থানত আশ্ৰয় লবলৈ বাধ্য হৈছে শতাধিক লোক৷ বানৰ কবলত পৰি ঘৰ এৰি বিভিন্ন স্থানত আশ্ৰয় লোৱা লোক সকলে খাদ্য সংকটৰ লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰাও পৰিলক্ষিত হৈছে। নগৰবেৰাৰ বিস্তৃত অঞ্চল পানীৰ তলত ডুব যোৱাত জীৱ-জন্তু সকলো খাদ্য সংকটত পৰিছে৷ বানৰ পানীত ককবকাই থকা ৰাইজ বর্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে।
নৈ-উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাৰ ফলত নগৰবেৰা অঞ্চলৰ বান পৰিস্তিতি ক্ৰমান্বয়ে ভয়াবহ হৈ উঠিছে৷ নগৰবেৰাত ইখনৰ পিছত সিখন গাঁও জলমগ্ন হৈ পৰাত শংকিত হৈ পৰিছে নগৰবেৰাবাসী ৰাইজ। ইতিমধ্যে নগৰবেৰাৰ মিলননগৰ, গাগলমাৰী, কলেজ ৰোডকে ধৰি বাঢ়নী পানীত ডুব গৈছে বহু অঞ্চল৷ বানপানীৰ ফলত কৃষিভুমি জলমগ্ন হৈ পৰাত মুৰে কপালে হাত দিছে কৃষক সকলে৷