ৰৌতাৰ পৰা মহেন্দ্ৰ ভেটুৱাল, সংবাদ ৩৬৫,২৭ জুন : প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এই কথা পুনৰ এবাৰ প্ৰমাণ কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা তাৰাজুলি গাঁৱৰ এজন দৰিদ্ৰ মেধাৱী ছাত্রই। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মেধাবী ছাত্ৰ গৰাকীয়ে লাভ কৰিলে এটা বিষয়ত লেটৰসহ ৬৬.৮ শতাংশ নম্বৰ।

ওদালগুৰি জিলাৰ তাৰাজুলি নিৱাসী তুলকী দেৱীৰ পুত্ৰ ভীম মিজাৰে ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভীম মিজাৰ নামৰ মেধাবী ছাত্ৰ গৰাকীয়ে অতি কষ্টৰে দিন হাজিৰা কৰি নিতৌ ঘৰৰ পৰা ১০ কিলোমিটাৰ বাট চাইকেল মাৰি বিদ্যালয়লৈ অহা যোৱা কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ সন্তান হৈও সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভীম মিজাৰে পুনৰবাৰ প্ৰতিপন্ন কৰিলে যে দৰিদ্ৰতা শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা ভীম মিজাৰে ৰাজনীতি বিজ্ঞানত অধ্যয়ন কৰি ভৱিষ্যতে এজন সুদক্ষ শিক্ষক হোৱাৰ সপোন পুহি ৰাখিছে যদিও পিতৃহীন ছাত্ৰ গৰাকীৰ আৰ্থিক দূৰঅৱস্থাই অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে ছাত্ৰ গৰাকীৰ সন্মুখত। আৰ্থিক দূৰঅৱস্থাৰ বাবে ছাত্ৰ গৰাকীয়ে অধ্যয়ন চলাই নিয়াৰ ক্ষেত্ৰত এতিয়া অসহায় হৈ পৰিছে। পুত্ৰৰ সফলতাত মাতৃ তুলকী দেৱীয়ে আনন্দ প্ৰকাশ কৰিছে যদিও পুত্ৰৰ শিক্ষাকলৈ চিন্তিত হৈ পৰিছে মাতৃ। দিন হাজিৰা কৰি যেনেতেনে পৰিয়াল পোহপাল দি অহা তুলকী দেৱীক এতিয়া পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন অৰ্থৰ। দিন হাজিৰা কৰা তুলকী দেৱীয়ে পুত্ৰ আগুৱাই যোৱাটো বিচাৰে যদিও আৰ্থিক দূৰঅৱস্থাৰ বাবে পুত্ৰ ভীমৰ অধ্যয়ন আধাতে সামৰি কামৰ সন্ধানত পুত্ৰক বহিঃৰাজ্যলৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তুলকী দেৱীয়ে।

পিতৃহীন ভীম মিজাৰ নামৰ মেধাবী ছাত্ৰজন আৰ্থিক অভাৱৰ বাবেই নিজৰ অধ্যয়ন আধাতে সামৰি কামৰ সন্ধানত ওলাই যাব নেকি বহিঃৰাজলৈ? চৰকাৰ, কোনোবা সদাশয় ব্যক্তি নতুবা কোনোবা দল-সংগঠন আগুৱাই আহিব নেকি ছাত্ৰ জনৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সহায়ৰ বাবে?