সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ২৭ জুন : বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দী উঠিছে ব্ৰহ্মপুত্ৰৰ লগতে ৰাজ্য নৈ-উপনৈ সমূহ। নদী সমূহৰ বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যত ক্ৰমাৎ ভয়াবক কৰি তুলিছে বছৰৰ দ্বিতীয়টো বানপানীৰ পৰিস্থিতিৰ। বানপানীৰ কবলত পৰা কেইবাখনো জিলাৰ বহু লোক ঘৰ এৰি আশ্ৰয় লবলৈ বাধ্য হৈছে ওখ ঠাই সমূহত। বানপানীৰ সমান্তৰালে নৈ পৰিয়া ৰাইজক আৰু অধিক শংকিত কৰি তুলিছে গৰাখহনীয়াই। ৰাজ্যৰ নদী সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত দূৰ্বল মথাউৰি সমুহ গৰাখহনীয়াৰ কৱলত পৰিছে বহু ঠাইত।কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ সেলেসুতি মথাউৰি চাৰিআলিৰ ১০০ মিটাৰ পশ্চিমফালে থকা মথাউৰিৰ অংশ চপৰা চপৰে খহিবলৈ ধৰাত শংকিত হৈ পৰিছে মথাউৰিৰ দক্ষিণ পাৰে বসবাস কৰা অৰ্ধশতাধিক গাৱঁৰ ৰাইজে।উল্লেখ্য যে, এই স্থানতেই যোৱা বছৰ বানে এক ভয়ংকৰ ৰূপ লৈ মথাউৰিখন ছিঙাৰ উপক্ৰম হৈছিল। যোৱা বছৰ মথাউৰিৰ দক্ষিণ ফালে বসবাস কৰা স্থানীয় ৰাইজে গছ কাটি আৰু বস্তাত মাটি ভৰাই মথাউৰিখন ৰক্ষা কৰিছিল। যোৱা বছৰ বানপানীৰ পিছত বিভাগীয় ভাৱে উক্ত স্থানত মেৰামতি নকৰাত সম্প্ৰতি পুনৰ মথাউৰিখন ছিঙাৰ উপক্ৰম হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে মেৰামতি নোহোৱা মথাউৰিখন কিছুদিন পূৰ্বে কেইডাল মান বাহ পুতি মথাউৰি ৰক্ষা কৰাৰ নামত তৃতীয় পক্ষই কৌটি কৌটি টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। এনে সময়তে বান বিধ্বস্ত, পুৰণি মথাউৰি সমুহ মেৰামতি নকৰি কুম্ভ কৰ্ণ নিদ্ৰাত বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে দিন অতিবাহিত কৰা পৰিলক্ষিত হৈছে।

সময় থাকোতে মথাউৰিখন মেৰামতি নকৰিলে প্ৰতিদিনে বাঢ়ি অহা নদীৰ জলস্তৰ মথাউৰিখন খহাই সোণতলী মৌজাৰ বিস্তৃৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিব সেয়া নিশ্চিত হৈ পৰিছে। সেয়ে পূৰ্বেই খহাই নিয়া অংশত চৰকাৰে মেৰামতি নকৰাৰ বাবেই সোণতলী অঞ্চলৰ ক্লাৱ, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজ ক্ষভিত হৈ পৰিছে ।