গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৭ জুন : যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত প্ৰবল বৰষুণৰ ফলত ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ, টিপপাই, গধাদৰ আাৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ বহু অঞ্চল বুঢ়াই পেলাইছে৷

জিলাখনত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰাত জিলাবাসী শংকটি হৈ পৰিছে। বহু লোকৰ বাসগৃহ বানৰ পানীত ডুব যোৱাৰ লগতে বাঢ়নী পানীয়ে জিলাখনৰ কেইবাখনো বিধান সভা সমষ্টিৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি প্লাবিত কৰিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমিত পানীৰ তলত ডুব যোৱাত মৰাপাটকে ধৰি, ধান আৰু বিভিন্ন ধৰনৰ পাচলি বিনষ্ট হোৱাত খেতিয়ক সকলে মূৰে কপালে হাত দিছে। এফালে যদি বানপানীৰ ফলত ৰাইজ সমস্যাত পৰিছে আনফালে আকৌ বাঢ়নী পানীত মাছ ধৰাত ব্যস্ত পৰা পৰিলক্ষিত হৈছে বহু লোক। শতাধিক পুৰুষ-মহিলা হাতে হাতে জাল লৈ নামি পৰিছে বাঢ়নী পানীত মাছ ধৰাত।

জিলাখনৰ বিলাসিপাৰা আৰু গৌৰীপুৰৰ প্ৰায় সংখ্যক অঞ্চল বাঢ়নী পানীত ডুব গৈছে৷ বিলাসিপাৰা আৰু গৌৰীপুৰত বহু বাট-পথ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত যাতায়ত ক্ষেত্ৰত ব্যাঘাত সৃষ্টি হোৱাত পথচাৰী সকল সমস্যাত পৰিছে৷