নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২৭ জুন : এইবাৰ কুৰেণ্টাইন কৰা হ’ব নগাঁও চহৰৰ জি ডি হস্পিতাল। হস্পিতালখনৰ এগৰাকী চিকিৎসক আৰু নাৰ্ছৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। পজিটিভ। নগাঁৱৰ জি ডি হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা এজন লোকৰ শৰীৰত কিছুদিন পূৰ্বে কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত সৃষ্টি হৈছিল আতংকৰ।

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনে বহু লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি। সাধাৰণ ৰাইজৰ লগতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ চলাই থকা কেইবা গৰাকী চিকিৎসা কর্মীও ৰক্ষা পৰা নাই এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা। এইবাৰ নগাঁও চহৰৰ মাজ মজিয়াত অৱস্থিত জি ডি হস্পিতালৰ দুগৰাকী চিকিৎসা কর্মী আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। আক্রান্ত চিকিৎসা কৰ্মী দুগৰাকীৰ ভিতৰত এগৰাকী চিকিৎসক আৰু আনগৰাকী হস্পিতালখনত কৰ্মৰত নাৰ্ছ। কিছুদিন পূৰ্বে জি ডি হস্পিতাখনত চিকিৎসাধীন অৱস্থাত থকা চকলাঘাটৰ এজন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সৃষ্টি হৈছিল আতংকৰ। চিকিৎসাধীন ৰোগীৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে জি ডি হস্পিতালৰ চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰি কৰুণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। শনিবাৰে স্বাৱৰ নমুনা ফলাফল আহত চিকিৎসালয়খনত কৰ্মৰত এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছৰ শৰীৰত কৰুণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হৈছে। নগাঁৱৰ ব্যক্তিগত চিকিৎসালয় জি ডি হস্পিতালৰ দুগৰাকী চিকিৎসা কর্মী কৰুণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে হস্পিতালখন সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইন কৰাৰ কথা ঘোষণা কৰে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে।

ইফালে মহানগৰী গুৱাহাটীত ব্যাপক হাৰত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰা হৈছে। দেওবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’বলগীয়া লক ডাউন পূৰ্বৰ লক ডাউনতকৈও অধিক কঠোৰ হ’ব বুলিও চৰকাৰে ইংগিত দিছে। লক ডাউনৰ সময়ছোৱাত গুৱাহাটীত গেলামালৰ দোকান সমূহো সম্পূৰ্ণ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।