বৰপেটা, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ। জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবে বান সমস্যা সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহন কৰিব নোৱাৰে কোনো আঁচনি।টিহু আৰু বুঢ়াদিয়া নৈৰ বানত প্ৰতিবছৰে ক্ষতিগ্ৰস্থ হ’বলগীয়া হৈছে বৰপেটা জিলাৰ বিস্তৃৰ্ণ অঞ্চল।

ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত। নেৰানেপেৰা বৰষুণে সৃষ্টি কৰা বানপানীত ডুব গৈছে বান প্ৰভাৱিত জিলা সমূহৰ বহু অঞ্চল। টিহু আৰু বুঢ়াদিয়া নৈৰ বানৰ কবলত পৰি বৰপেটা জিলাৰো বিস্তৃত অঞ্চল এতিয়া পানীৰ তলত। নৈ দুখনৰ বাঢ়নী পানীত টিহু লচিমা পথ ডুব যোৱাত পাৰাহকুছি, বতিয়া, কেন্দুবাৰী, কালাতলি, লখোপুৰ, বৰবিলা, চাৰাবিলকে ধৰি কেইবাখনো গাঁও পৰিছে বানৰ কবলত৷ নৈ দুখনৰ পানীয়ে প্লাবিত কৰা গাঁও সমুহৰ লোকসকলৰ লগতে পোহনীয়া জীৱজন্তু সকলৰ মাজত দেখা দিছে খাদ্যৰ সংকটত৷ টিহু আৰু বুঢ়াদিয়া নৈৰ পানীয়ে প্ৰতিবছৰে বৰপেটা আৰু নলবাৰী জিলাৰ বৃহৎ অঞ্চলৰ ৰাইজক ক্ষতিগ্ৰস্থ কৰি আহিছে যদিও জিলা দুখনৰ ৰাইজক নৈ দুখনৰ বাঢ়নী পানীৰ পৰা পৰিত্ৰাণ দিয়া বাবে নাই কোনো পথ৷ চৰকাৰী মেৰপেচৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈ পৰীয়া গাঁও সমুহৰ ৰাইজ বানৰ কবলৰ পৰা উদ্ধাৰৰ নাই কোনো আশা৷ চৰকাৰী তথ্য অনুসৰি টিহু আৰু বুঢ়াদিয়া নৈ দুখন জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ ফলত নৈ দুখনে প্ৰতিবছৰে সৃষ্টি কৰা বান সমস্যা সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহন কৰিব নোৱাৰে কোনো আঁচনি৷ ফলত প্ৰতিবছৰে এটাৰ পিচত আনটো বানত ক্ষতিগ্ৰস্থ হ’বলগীয়া হৈছে নৈ পৰীয়া ৰাইজ।

যোৱা বছৰ বানৰ পিচত ক্ষয় ক্ষতিৰ বুজ ল’বলৈ অহা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰি স্থানীয় গাঁওবাসীয়ে নৈ দুখন জলসম্পদ বিভাগৰ অধীনলৈ নিয়াৰ বাবে দাবী জনাইছিল যদিও সমস্যা কোনো সমাধানহে নহ’ল৷ জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবেই টিহু আৰু বুঢ়াদিয়া নৈৰ বানত ৰাইজে ভোগ কৰি অহা সমস্যাৰ সমাধান নহ’বনে? এয়াই এতিয়া বানাক্ৰান্ত ৰাইজৰ প্ৰশ্ন চৰকাৰলৈ।