কলগাছিয়া

১২ আগষ্ট

জনীয়াৰ কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ ঘৃণনীয় কাণ্ড। নিজ পঞ্চায়তৰ উপ-সভাপতি মহৰ আলী মণ্ডলক শাৰিৰীক ভাৱে প্ৰহাৰ।

বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই নিজ পঞ্চায়তৰ উপ-সভাপতি মহৰ আলী মণ্ডলক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে উপ-সভাপতি মহৰ আলীয়ে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ কলগাছিয়াতে সভাপতি ৰফিক ভূঞা নিন্দাৰ পাত্ৰ হৈ পৰিছে। ইয়াৰ পূৰ্বেও ৰফিক ভূঞাই কেইবা গৰাকী নিৰ্বাচিত সদস্যক প্ৰহাৰ কৰাৰ অভিযোগ পোৱা গৈছে। উল্লেখযোগ্য যে কলগাছিয়া গাঁও পঞ্চায়তৰ ১ নং খণ্ডত চলি থকা পথৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে উপ-সভাপতি মহৰ আলী মণ্ডলে আপত্তি কৰিছিল।

পথ নিৰ্মাণৰ কামকলৈ আপত্তি কৰাৰ বাবাই সভাপতি ৰফিক ভূঞাই খঙত অগ্নি শৰ্মা হৈ উপ-সভাপতি মহৰ আলী মণ্ডলক শাৰিৰীক প্ৰহাৰ কৰে। সভাপতি ৰফিক ভূঞাৰ এনে আচৰণকলৈ সমগ্ৰ কলগাছিয়াতে ৰাইজ ক্ষোভিত হৈ পৰিছে।