ফজলুৰ ৰহমান
ছায়গাঁও
২৪ মাৰ্চ
ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষোভিত ছায়গাঁওবাসী ৰাইজ। ক্ষোভিত ৰাইজে নিজ সমষ্টিতেই বিধায়ক গৰাকীক নিষিদ্ধ কৰিলে। ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সমষ্টিবাসীৰ। ৰেকিব হটাও, ছয়গাঁও বচাও ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ছায়গাঁৱৰ কলহীকাষবাসী ৰাইজে।
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন। অহা ২৭ মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকল তৎপৰ হৈ পৰাৰ সমান্তৰালে তুংগত উঠিছে প্ৰচাৰ অভিযান। প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে প্ৰচাৰ চলাই থকাৰ মাজতে ছায়গাঁও সমষ্টিৰ বর্তমানৰ বিধায়ক তথা সমষ্টিটোৰ পৰা পুনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰা ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সমষ্টিবাসী ৰাইজ। বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি ছায়গাঁৱৰ কলহীকাষবাসী ৰাইজে ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ছায়গাঁও সমষ্টিৰ বনগাঁও উন্নয়ন খণ্ডৰ অধীনত কলহীকাষ গাঁৱত ৰাইজে বিধায়ক গৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। কলহীকাষ গাঁৱৰ শতাধিক পুৰুষ-মহিলাই বিধায়ক পুঁজিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া পথ এটাৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষোভিত ৰাইজে ৰেকিব হটাও, ছয়গাঁও বচাও, ৰেকিবুদ্দিন গ’বেক, দুৰ্নীতি নচলিব আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
ইফালে ৰাইজে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ পুনৰবাৰ ভোট ভিক্ষা কৰিবলৈ কলহীকাষ গাঁৱত প্ৰৱেশ কৰিলে, অপদস্ত হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে। ৰাইজে আগন্তক বিধানসভা নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থীক ভোট দান নকৰাৰো হুংকাৰ দিছে।