জোনমণি বেগম
বিশ্বনাথ
২৬ মার্চ
বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হ’ল নিৰ্বাচনী বিষয়া সকল। ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টি আৰু ৭৭ নং বিহালী বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টি দুটাৰ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হ’ল নিৰ্বাচনত নিয়োজিত বিষয়া সকল।
অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা শুকুৰবাৰে পুৱাৰ ভাগতে প্ৰিজাইডিং বিষয়া, নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়া সকল বিশ্বনাথ আৰু বিহালী সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হয়। বিশ্বনাথ জিলা প্ৰশাসনে দুয়োটা বিধানসভা সমষ্টিত ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টিত ২৩১ টা ভোট কেন্দ্ৰত মুঠ ১,৬৩,০৬২ গৰাকী ভোটৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৮২,১৪৯ গৰাকী পুৰষ আৰু ৮০,৯১২ গৰাকী মহিলা ভোটাৰ আছে। আনহাতে বিহালী বিধানসভা সমষ্টিত ১৭৮ ভোট কেন্দ্ৰত মুঠ ১,২৩,২৭৯ গৰাকী ভোটাৰে ভোটাধাকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত আছে ৬২,৭৬৯ গৰাকী পুৰুষ আৰু ৬০,৪৮৩ গৰাকী মহিলা ভোটাৰ।
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১২ খন জিলাৰ ৪৭ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিয়োজিত নিৰ্বাচনী বিষয়া সকলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা যায়। অহা ১ এপ্ৰিলত দ্বিতীয় আৰু ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।