ফজলুৰ ৰহমান

সোণতলী

২৬ মাৰ্চ

বকোৰ কেন্দুগুৰিত ভয়াংকৰ পথ দুর্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা৷ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰিত সংঘটিত হয় এই পথ দুর্ঘটনা। 

বৃহস্পতিবাৰে নিশা কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰিত সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা। এখন অচিনাক্ত বাহনৰ খুন্দাত এগৰাকী বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এগৰাকী আৰোহী৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এএছ-২৫-জে-৭৫৯০ নম্বৰৰ বাইকেৰে আৰোহী দুজন নিজ গৃহলৈ গৈ থকা অৱস্থাত এখন অচিনাক্ত বাহনে বাইকখনক খুন্দিয়াই থৈ যায়৷ পথ দুৰ্ঘটনাত জিন্নত আলী নামৰ বাইক আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় অহেজ উদ্দিন আলী নামৰ অন্য এজন যুৱক৷ দুর্ঘটনা সংঘটিত কৰিয়ে বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুর্ঘটনৰ খৱৰ পাই দূৰ্ঘটনাস্থলীত উপস্থিত হোৱা বকো আৰক্ষীয়ে নিহত বাইক আৰোহীজনক বকো থানালৈ লৈ অহাৰ লগতে আহতজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰে৷

যুৱক দুজন বকোৰ ২ নং বৰুৱা পাহাৰতলী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যুৱক দুজন গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল৷ বকো আৰক্ষীয়ে নিহত জিন্নত আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰিছে।