মানকাচৰ
২৯ মাৰ্চ
ফকিৰগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য। ফকিৰগঞ্জ আৰক্ষীৰ অভিযানত জালত পৰিল এজন হত্যাকাৰী। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল হত্যাকাৰীজন।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জত আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। ফকিৰগঞ্জ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন পলাতক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আব্দুল হামিদ নামৰ এজন লোকে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত শ্বাহজাহান আলী নামৰ এজন লোকক হত্যা কৰি দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল। দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা আব্দুল হামিদ খবৰ লাভ কৰি আৰক্ষীয়ে অভিয়ান চলাই আব্দুল হামিদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
যোৱা বছৰ ১৭ ডিচেম্বৰ তাৰিখে আব্দুল হামিদে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত শ্বাহজাহান আলী নামৰ এজন লোকক হত্যা কৰি আত্মগোপন কৰিছিল। ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই আত্মগোপন কৰি থকা হত্যাকাৰী আব্দুল হামিদক গ্ৰেপ্তাৰ কৰি ধুবুৰী জেললৈ প্ৰেৰণ কৰে।