ৰঙিয়া

৩১ মার্চ

বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ পৰা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টি দুটাৰ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনত নিয়োজিত বিষয়া সকল।

বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা বুধবাৰে পুৱাৰ ভাগতে প্ৰিজাইডিং বিষয়া, নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়া সকল ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হয়। ৰঙিয়া মহকুমা প্ৰশাসনে দুয়োটা বিধানসভা সমষ্টিত ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত ২৭৭ টা ভোট কেন্দ্ৰত মুঠ ১,৯৫,৪৩৯ গৰাকী ভোটৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৯৮,৬২৬ গৰাকী পুৰুষ আৰু ৯৬,৮১৩ গৰাকী মহিলা ভোটাৰ আছে।

আনহাতে কমলপুৰ বিধানসভা সমষ্টিত ২৫২ ভোট কেন্দ্ৰত মুঠ ১,৮০,৩০৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত আছে ৯১,১৫৮ গৰাকী পুৰুষ আৰু ৮৯,১৪৩ গৰাকী মহিলা ভোটাৰ। উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যৰ ৩৯ টাকৈ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।