দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সোনাৰপাৰত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ সহযোগত ফকিৰগঞ্জ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত ফকিৰগঞ্জ থানাৰ সহকাৰী আৰক্ষী উপ পৰিদৰ্শক লোকমান আলী আহমেদৰ সহযোগত আৰক্ষীৰ এটা দলে ফকিৰগঞ্জৰ সোনাৰপাৰ জাহান উদ্দীনৰ ঘৰত অভিযনা চলায়।

আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযানত জাহান উদ্দীনৰ ঘৰৰ পৰা ৯০ টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে ঘৰখনত আশ্ৰয় লৈ থকা তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত সোনাৰপাৰ গাঁৱৰ জাহান উদ্দীনৰ পুত্ৰ জাহিদুল ইছলাম, ৰাধুৰাম চাৰি আলি গাঁৱৰ সঞ্জৱ আলীৰ পুত্ৰ নজৰুল ইছলাম আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ পিপুলবাৰী গাঁৱৰ অকবৰ আলীৰ পুত্ৰ শ্বাহজালাল বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা উক্ত ড্ৰাগছ ব্যৱসায়ী কেইজনে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ, মণিপুৰ, মিজোৰাম তথা নাগালেণ্ডৰ পৰা ড্ৰাগছ আনি ফকিৰগঞ্জত জমা কৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আছিল।

ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ লগতে এটা বৃহৎ চক্ৰই বিশেষকৈ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ লগতে একাংশ ভিতৰুৱা চৰাঞ্চল তথা জিলাখনৰ মানকাচৰ চহৰত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। এই ক্ষেত্ৰত মানকাচৰ, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে বিগত তিনি-চাৰি মাহৰ ভিতৰত কেইবাজনো ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাজাতীয় টেবলেট, কফ চিৰাপ, ভাং তথা বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাত সচেতন মহলে আৰক্ষীৰ সলাগ লোৱা পৰিলক্ষিত হৈছে। অনাগত দিনত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জিলাখনত ড্ৰাগছমুক্ত কৰিবলৈ সক্ষম হ’ব বুলিও সচেতন মহলে আশা প্ৰকাশ কৰিছে।