নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ যাত্ৰী সংৰক্ষণ প্ৰণালীত নগদ বিহীন (Cashless) লেনদেনৰ জনপ্ৰিয়তা অৰ্জন। ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই নগদ বিহীন লেনদেনক অধিক উতসাহিত কৰি আছে। ভাৰতীয় ৰে’লৱেই ডিজিটেল পৰিশোধ পদ্ধতিৰে কেইটামান মনোনীত যাত্ৰী সংৰক্ষণ প্ৰণালীত নগদ বিহীন কাউণ্টাৰ ৰূপায়ণ কৰি ভাৰত চৰকাৰৰ নীতি অনুসৰি ডিজিটেল লেনদেন বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাইছে।
প্ৰতিদিন যাত্ৰীসকলৰ মাজত নগদ বিহীন লেনদেন জনপ্ৰিয় হৈ পৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৩০ জানুৱাৰীত ১.৮ লাখ টকাৰ পৰা (সমগ্ৰ কাউণ্টাৰ লেনদেনৰ মুঠ ০.৮৭%) পৰা বৰ্তমানলৈকে ৩ ফেব্ৰুৱাৰী পৰ্যন্ত ৩.৭৮ লাখ (২.৬৭%) টকা পৰ্যন্ত বৃদ্ধি হৈছে যি ইউ.পি.আই. আৰু পি.ও.এছ.ৰ জৰিয়তে পৰিশোধৰ সুবিধাৰ বাবে এক ক্ৰমাগত অগ্ৰগতিকে সূচায়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন টিকট সংৰক্ষণ কাউণ্টাৰত যাত্ৰীসকলক নগদ বিহীন লেনদেনৰ বিষয়ে অৱগত কৰা হৈছে আৰু অনলাইন পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ টিকট বুক কৰি ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ সৈতে উপযোগী কৰি তোলা হৈছে।
দেশৰ উন্নয়নৰ হকে এনে পদক্ষেপৰ বাবে তেওঁলোক চৰকাৰৰ ওচৰত চিৰকৃতজ্ঞ। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ৫ টা মণ্ডলৰ কেইটামান ৰে’ল ষ্টেচনত অৱস্থিত যাত্ৰী সংৰক্ষণ প্ৰণালীত ৩১ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ নগদ বিহীন লেনদেনৰ অৱদান হৈছে নিউ তিনিচুকীয়া ৫৩.০১%, ডিব্ৰুগড় টাউন ১৫.৭৪%, গুৱাহাটী ৭৩.০৫%, কামাখ্যা ১৭.০৪%, ডিমাপুৰ ০৭.৭৭%, ৰঙিয়া ৩৩.৯৩%, নিউ বঙাইগাঁও ০৫%, আলিপুৰদুৱাৰ ৬০.৮৬%, নিউ কোচবিহাৰ ০২.৮৩%, কাটিহাৰ ১৮.৪১% আৰু নিউ জলপাইগুড়ী ০৬.৪৯%।