বিজনী, ২২ ফেব্ৰুৱাৰী, ২০২৪ : “ভাৰতৰ বহুত্ববাদী ভাষা-সংস্কৃতিৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে বৰ্তমানৰ চৰকাৰ (Government)। ভাৰতৰ ক্ষুদ্ৰ ভাষিক তথা সাংস্কৃতিক গোটসমূহক ধ্বংস কৰি ভাৰতৰ বৰ্তমান চৰকাৰে এক ভাষা, এক জাতি, এক সংস্কৃতিৰ নামৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণা সম্পূৰ্ণ ধ্বংস কৰিবলৈ পৰিকল্পিত ষড়যন্ত্ৰত লিপ্ত হৈছে ভাৰতৰ বৰ্তমানৰ চৰকাৰ।” নতুন সাহিত্য পৰিষদৰ বিজনী শাখাৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ অনুষ্ঠানত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ খনীন দাসে। অনুষ্ঠানৰ প্ৰধান অতিথি তথা অসমীয়া ভাষিক গোটক প্ৰতিনিধিত্ব কৰি অধ্যাপক খনীন দাসে কয় যে মাতৃভাষা অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে। শিশুৰ মানসিক বিকাশৰ বাবে মাতৃভাষা মাধ্যমৰ শিক্ষা অপৰিহাৰ্য বুলি উল্লেখ কৰি দাসে কয় যে ভাষিক গোষ্ঠী এটা যিমানেই ক্ষুদ্ৰ নহওক কিয় কোনো ভাষিক গোষ্ঠীকেই অৱহেলাৰ দৃষ্টিৰে চোৱাটো অনুচিত।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত সেই বাবেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণভাৱে মাতৃভাষা মাধ্যমত দিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই ঘোষিত সিদ্ধান্তৰ বিপৰীতে গৈ অসমত থকা একেটা দলৰ চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক ইংৰাজী মাধ্যমত দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমানৰ চৰকাৰে আজি অংক তথা বিজ্ঞান ইংৰাজী মাধ্যমলৈ পৰিবৰ্তন কৰাতে ক্ষান্ত নাথাকে বুলি উল্লেখ কৰি অদূৰ ভবিষ্যতে অন্যান্য বিষয়বোৰো ইংৰাজী মাধ্যমলৈ পৰিবৰ্তিত কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলিও অধ্যাপক খনীন দাসে আশংকা ব্যক্ত কৰে। বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে মাতৃভাষা মাধ্যম ধ্বংস কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে এক ভাষা, এক জাতি, এক সংস্কৃতিৰ উন্মাদনা বিয়পাই ভাৰতৰ বহুত্ববাদী সমাজলৈ গভীৰ সংকট নমাই অনা বুলিও অধ্যাপক অধ্যাপক খনীন দাসে অভিযোগ কৰে। একেসময়তে অসমীয়া ভাষাৰ প্ৰতি নামি সংকট দূৰ কৰিবলৈ উদাৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈকো তেওঁ আহ্বান জনায়।

নতুন সাহিত্য পৰিষদৰ বিজনী শাখাৰ সভাপতি আব্দুল কাদেৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বড়ো ভাষিক গোষ্ঠীৰ হৈ বড়ো সাহিত্য সভাৰ বিজনী শাখাৰ প্ৰাক্তন সভাপতি মনেশ্বৰ বসুমতাৰীয়ে বড়ো ভাষাৰ লগতে অসমীয়া আৰু জনজাতীয় ভাষাসমূহৰ প্ৰতি নামি অহা প্ৰত্যাহ্বানৰ বিষয়ে বিস্তৃত বাখ্যা দাঙি ধৰে। মনেশ্বৰ বসুমতাৰীয়ে বড়ো ভাষাৰ উত্তৰণৰ বাবে বড়ো সাহিত্য সভাই কৰি অহা সংগ্ৰামৰ ৰূপৰেখা দাঙি ধৰে। নেপালী ভাষিক গোষ্ঠীৰ হৈ নিজৰ মতামত দাঙি ধৰি অৱসৰপ্ৰাপ্ত শিক্ষক দেব প্ৰসাদ অধিকাৰীয়ে পৰস্পৰৰ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ভাষা সংঘাতৰ মাধ্যম হ’ব নোৱাৰে বুলি উল্লেখ কৰি বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেব প্ৰসাদ অধিকাৰীয়ে কয় “ভাষাক সমন্বয়ৰ সাঁকো হিচাপে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ বাবে বিভিন্ন ভাষীক গোষ্ঠীৰ লোকে পৰস্পৰৰ ভাষা শিকাৰ ওপৰত গুৰুত্ব দিব লাগিব।”

কোচ-ৰাজবংশী ভাষিক গোষ্ঠীৰ হৈ বিজনী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক তথা কোচ-ৰাজবংশী সাহিত্য সভাৰ অন্যতম কৰ্ণধাৰ ভবেন চন্দ্ৰ বৰ্মণে কোচ-ৰাজবংশী ভাষিক গোষ্ঠীৰ সমস্যাৱলী দাঙি ধৰাৰ লগতে এই ভাষা তথা সাহিত্যৰ উত্তৰণৰ বাবে নতুন সাহিত্য পৰিষদক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। কোচ-ৰাজবংশী ভাষাত দিয়া ভবেন বৰ্মণৰ বক্তব্য অনুষ্ঠানৰ সকলোৱে মনোযোগেৰে উপভোগ কৰে। চাওঁতাল ভাষিক গোষ্ঠীৰ হৈ অনুষ্ঠানত প্ৰতিনিধিত্ব কৰি বিজনী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা সৌৰভী মাৰাণ্ডীয়ে নিজৰ বক্তব্য চাওঁতালী ভাষাতে দাঙি ধৰে। নিজৰ বক্তব্যত যুৱ অধ্যাপিকা গৰাকীয়ে ভাৰতত চাওতালী ভাষাৰ ঐতিহ্য, উত্তৰণ আৰু সাম্প্ৰতিক তুলি ধৰি অনুষ্ঠানৰ সকলোকে মোহাবিষ্ট কৰি তোলে। অৱসৰপ্ৰাপ্ত শিক্ষক নিৰ্মল চন্দ্ৰ সাহাই বাংলা ভাষাত লিখা আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে ৰচিত কবিতাৰে সকলোকে আপ্লুত কৰে। নতুন সাহিত্য পৰিষদৰ বিজনী শাখাৰ সম্পাদক বিনোদ কুমাৰ ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত যুৱ সাহিত্যিক লিটন পোদ্দাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ প্ৰক্ষিত আৰু যুক্তিবাদী লেখক মনোৰঞ্জন আৰ্যই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।

অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ সহশিল্পী হিচাপে খ্যাতিমান প্ৰসিদ্ধ শিল্পী মঞ্জু ৰায়ৰ গোৱালপৰীয়া লোকগীত, প্ৰসিদ্ধ বড়ো শিল্পী ৰিংখাংশ্ৰী বসুমতাৰীয়ে পৰিবেশন কৰা আধুনিক বড়ো গীত, বিশিষ্ট শিল্পী তথা অধিবক্তা সুদীপা ৰায়ৰ ৰবীন্দ্ৰ সঙ্গীত, উপাসনা ঘোষৰ জ্যোতি সংগীত, চাইনা বাগৰ নজৰুল গীতি, কেয়া সাহাৰ আধুনিক গীত, অমৃতপ্ৰভা ৰায়ৰ গোৱালপৰীয়া লোকগীত, জ্যোতি বিশ্বাসৰ ৰবীন্দ্ৰ সঙ্গীতৰ লগতে শিশু শিল্পী স্নিগ্ধা চৌধুৰীয়ে চৈয়দ আব্দুল মালিকৰ প্ৰখ্যাত গীত ‘জীৱনে মৰণে মই চিৰদিন অসমীয়া’ আৰু পদ্মনাভ বড়োৰ আধুনিক বড়ো গীতে সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে। নতুন সাহিত্য পৰিষদৰ সদস্য গোপাল সাহাৰ নেতৃত্বত সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰা এজাক শিল্পীয়ে সমবেত কণ্ঠত পৰিবেশন কৰা আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শীৰ্ষ সংগীতেৰে এই ব্যতিক্ৰমী তথা মনো মুগ্ধকৰ অনুষ্ঠানটোৰ সামৰণি পৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় নতুন সাহিত্য পৰিষদৰ বিজনী শাখাৰ সহকাৰী সম্পাদক তথা লাহাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সাহাদাৎ হুছেইনে।