নিউজ ডেস্ক, ১২ জুন, ২০২৪ : ভাৰতীয় ৰে’লৱেই শেহতীয়াকৈ বাংলাদেশ (Bangladesh), নেপালৰ দৰে চুবুৰীয়া দেশসমূহক সংযোগ কৰা ১৪ টা নতুন ৰে’ল সংযোগ পথৰ বাবে চূড়ান্ত অৱস্থান জৰীপৰ (এফএলএছ) অনুমোদন জনাইছে আৰু লগতে উত্তৰ-পূৰ্ব্বাঞ্চলৰ দিশত বৈকল্পিক পথৰ বাবেও অনুমোদন জনাইছে। অনুমোদিত চূড়ান্ত অৱস্থান জৰীপৰ মুঠ দৈৰ্ঘ্য হৈছে ১২৭৫.৫০ কিমি। বাংলাদেশক সংযোগ কৰা নতুন ৰে’ল পথৰ বাবে চূড়ান্ত অৱস্থান জৰীপৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৬১ কিমি আৰু নেপালৰ সৈতে ২০২.৫ কিমি।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ দিশত প্ৰস্তাৱিত বৈকল্পিক পথসমূহ মুঠ ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব। ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল সংযোগৰ চূড়ান্ত অৱস্থান জৰীপৰ বাবে অনুমোদিত পথসমূহ হৈছে বালুৰঘাট-হিলি-পাৰ্বতীপুৰ-
কৌনিয়া-লালমনিৰহাট- মোগলহাট-গীতালদহ খণ্ড। এই খণ্ডটো ৩২ কিলোমিটাৰৰ হ’ব যাৰ ভিতৰত ১৪ কিলোমিটাৰ নতুন ৰে’লপথ আৰু ১৮ কিলোমিটাৰৰ গজ ৰূপান্তৰ হ’ব।

প্ৰস্তাৱিত বালুৰঘাট-গীতালদহ-বামনহাট সোণাহাট-গোলকগঞ্জ-ধুবুৰী খণ্ডটোৰ দৈৰ্ঘ্য ৫৬ কিলোমিটাৰ হ’ব, যাৰ ভিতৰত ৩৮ কিলোমিটাৰ নতুন ৰে’ল পথ আৰু ১৮ কিলোমিটাৰৰ গজ ৰূপান্তৰ হ’ব। বালুৰঘাট-হিলি-গাইবন্ধা- মহেন্দ্ৰগঞ্জ-তুৰা-মেন্দিপথাৰ খণ্ডটোত ২৫০ কিলোমিটাৰ নতুন ৰে’ল পথৰ নিৰ্মাণ হ’ব। প্ৰস্তাৱিত মাংগুৰজান-পীৰগঞ্জ-ঠাকুৰগাঁ- পঞ্চগড়-হলদিবাৰী পথত ৬০ কিলোমিটাৰ নতুন ৰে’ল পথ নিৰ্মাণ কৰা হ’ব। প্ৰস্তাৱিত ডালখোলা-পীৰগঞ্জ-ঠাকুৰগাঁও- পঞ্চগড়-হলদিবাৰী খণ্ডটোত ৮০ কিলোমিটাৰ নতুন ৰে’লপথ হ’ব।

প্ৰস্তাৱিত ৰাধিকাপু-বিৰোল- পাৰ্বতীপুৰ-কৌনিয়া-গীতালদহ খণ্ডটোৰ দৈৰ্ঘ্য ৩২ কিলোমিটাৰ হ’ব, যাৰ ভিতৰত ১৪ কিলোমিটাৰ নতুন ৰে’ল পথ আৰু ১৮ কিলোমিটাৰ গজ ৰূপান্তৰ হ’ব। প্ৰস্তাৱিত বিলোনিয়া- ফেনি- চট্টোগ্ৰাম পথটো ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব যাৰ ভিতৰত ৩৮ কিলোমিটাৰ নতুন ৰে’ল পথ আৰু ৯৩ কিলোমিটাৰৰ গজ ৰূপান্তৰ হ’ব। গেদে-দৰ্চনা- ঈশ্বৰদী-টংগী-ভৈৰব বজাৰ- আখাউৰা-আগৰতলা পথটোৰ কাৰণে মুঠ ১০০ কিলোমিটাৰৰ গজ ৰূপান্তৰ হ’ব। প্ৰস্তাৱিত পেট্ৰাপোল-বেনাপোল-নবহৰন-জেছৰ-ৰূপদিয়া-পদ্মবিলা- লোহাগাৰা-কাশিয়ানী-শিবচাৰ- মাৱা-নিমতলা-গেণ্ডাৰিয়া-ঢাকা- টংগী-ভৈৰব বজাৰ-আখাউৰা-আগৰতলা পথৰ বাবে ১২০ কিলোমিটাৰ গজ ৰূপান্তৰৰ প্ৰয়োজন হ’ব।

ওপৰোক্ত সকলোবোৰ প্ৰস্তাৱিত পথে ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল সংযোগ শক্তিশালী কৰিব। ফৰবেচগঞ্জ-লক্ষীপুৰ খণ্ডৰ মাজত নিৰ্মাণ হ’বলগীয়া উত্তৰ-পূৰ্ব্বাঞ্চলৰ দিশত বৈকল্পিক নতুন পথটো ১৭.৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব। ঠাকুৰগঞ্জ-চট্টেৰহাট খণ্ডৰ মাজত নতুন পথটো ২৪.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব। কুমেদপুৰ-আমবাৰী ফালাকাটা নতুন পথৰ বাবে ১৭০ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণৰ প্ৰয়োজন হ’ব। ভাৰত আৰু নেপালৰ মাজত নতুন ৰে’ল সংযোগৰ চূড়ান্ত অৱস্থান জৰীপৰ বাবে অনুমোদিত পথটো হৈছে বিৰাটনগৰ-নিউ মাল জংচন খণ্ডৰ মাজত, যাৰ বাবে ১৯০ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণৰ প্ৰয়োজন হ’ব।

প্ৰস্তাৱিত গলগলিয়া-ভদ্ৰপুৰ-কাজলী বজাৰ খণ্ডত ১২.৫ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণৰ প্ৰয়োজন হ’ব। নতুনকৈ প্ৰস্তাৱিত উপৰোক্ত ৰে’লপথসমূহে বৰ্তমান চিকেন নেক অংশৰ জৰিয়তে ৰে’ল যোগাযোগক আৰু অধিক শক্তিশালী কৰিব। ভাৰত চৰকাৰ “নেইবাৰহুড ফাষ্ট” নীতিৰ অধীনত ইয়াৰ সকলো চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক গঢ়ি তোলাত প্ৰতিশ্ৰুতিবদ্ধ। এই নীতিয়ে বৰ্ধিত ৰে’ল/পথ সংযোগ, আন্তঃগাঁথনি উন্নয়ন আৰু জনসাধাৰণৰ মাজত অধিক সম্পৰ্ক গঢ়ি তোলাত অগ্ৰাধিকাৰ দিয়ে। ই চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত উন্নত যোগাযোগ বিকশিত কৰিব যাৰ ফলত বাণিজ্য আৰু পৰ্যটনৰ কামকাজ যথেষ্ট বৃদ্ধি হ’ব।