নিউজ ডেস্ক, ১৫ জুন, ২০২৪ : দক্ষিণ ত্ৰিপুৰা আৰু অসমৰ যোৰহাট (Jorhat) জিলাৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলাৰ পৰা ছাব্ৰুমলৈ ৰে’ল নং ১৩১৭৩/১৩১৭৪ (শিয়ালদহ-আগৰতলা-শিয়ালদ) কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু ৰে’ল নং. ১৫৭৬৯/১৫৭৭০ (আলিপুৰদুৱাৰ জংচন-লামডিং-আলিপুৰদুৱাৰ জংচন) ইন্টাৰচিটি এক্সপ্ৰেছ ৰে’লখনৰ সেৱা লামডিঙৰ পৰা মৰিয়ণিলৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ৰে’লসমূহৰ সম্প্ৰসাৰণ ১৬ জুন, ২০২৪ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।

প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু দেওবাৰে শিয়ালদহৰ পৰা ৰে’ল নং ১৩১৭৩ (শিয়ালদহ-ছাব্ৰুম) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন ১৬ জুন, ২০২৪ তাৰিখৰ পৰা ০৬:৫০ বজাত প্ৰস্থান কৰি ক্ৰমে প্ৰতি বুধবাৰ, শুকুৰবাৰ, শনিবাৰ আৰু সোমবাৰে ২০:০০ বজাত ছাব্ৰুমত গৈ উপস্থিত হ’ব। একেদৰে, ছাব্ৰুমৰ পৰা প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে ১৮ জুন, ২০২৪ তাৰিখৰ পৰা প্ৰস্থান কৰি ৰে’ল নং. ১৩১৭৪ (ছাব্ৰুম-শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ক্ৰমে প্ৰতি বুধবাৰ, শুকুৰবাৰ, দেওবাৰ আৰু সোমবাৰে ১৯:২০ বজাত শিয়ালদহত গৈ উপস্থিত হ’ব। এই সম্প্ৰসাৰণৰ সৈতে, ত্ৰিপুৰাৰ দক্ষিণতম অঞ্চলৰ যাত্ৰীসকলে কলিকতালৈ পোনপটীয়া সংযোগ লাভ কৰিব। ব্যৱসায়ী, শিক্ষাৰ্থী, ৰোগীসকল যথেষ্ট উপকৃত হ’ব।

ৰে’ল নং ১৫৭৬৯ (আলিপুৰদুৱাৰ জংচন-মৰিয়নি) ইণ্টাৰচিটি এক্সপ্ৰেছ দৈনিক ভিত্তিত আলিপুৰদুৱাৰ জংচনৰ পৰা ১৬ জুন, ২০২৪ তাৰিখৰ পৰা ০৩:৪৫ বজাত প্ৰস্থান কৰি একেদিনাই ২০:০০ বজাত মৰিয়নিত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ১৫৭৭০ (মৰিয়নি-আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ দৈনিক ভিত্তিত ০৯:১৫ বজাত মৰিয়নিৰ পৰা ১৭ জুন, ২০২৪ তাৰিখৰ পৰা প্ৰস্থান কৰি পিছদিনা ০০:৫০ বজাত আলিপুৰদুৱাৰ জংচনত গৈ উপস্থিত হ’ব। এই সম্প্ৰসাৰণে উত্তৰ বংগৰ সৈতে উজনি অসম অঞ্চলসমূহৰ বিদ্যমান ৰে’ল সংযোগ অধিক শক্তিশালী কৰিব, অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে।