গুৱাহাটী, ২১ জুন, ২০২৪ : “দিল্লীৰ ৰাউছ এভেনিউ আদালতে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। নিম্ন আদালতৰ নিৰ্দেশৰ কপী আদালতৰ ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। বিজেপিৰ নিৰ্দেশত কাম কৰা ইডিৰ এই কাণ্ডই বিজেপি আৰু ইডিৰ যুগলবন্দী প্ৰমাণ কৰিছে।” শুকুৰবাৰ গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ইডিৰ ভূমিকাৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই।

ৰাজেশ শৰ্মাই কয়,” দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় এটা ভুৱা গোচৰত কোনো তথ্য প্ৰমাণ অবিহনে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰপ্তাৰ কৰিছিল। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰি কৈছিল যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ পূৰ্ব কাহিনী নাই। আনহাতে, এই একে গোচৰত একে ধৰণেই তথ্য প্ৰমাণ নোহোৱাকৈ আপৰ মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতা ক্ৰমে মনীষ ছিচদিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনকো তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশতো কোৱা হৈছে যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ প্ৰমাণ নাই। এই ৰায়ে প্ৰমাণ কৰিছে যে বিজেপিয়ে দেশত একনায়কত্ববাদী শাসন চলাব বিচাৰিছে। ইডি, চিবিআইৰ জৰিয়তে বিৰোধী দল সমূহক নিঃশেষ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী কেজৰিৱালক দুৰ্নীতিৰ অপবাদ দিয়া আৰু আম আদমী পাৰ্টিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।”

সংবাদমেলত উপস্থিত থকা আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰে, “এটা ভুৱা গোচৰত ইডিয়ে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ উপৰিও অইন কেইবাজনো নেতাক কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে। নিম্ন আদালতৰ জামিনৰ কপী ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপি দেশৰ ১৪০ কোটি মানুহক আচৰিত কৰিছে। দেশৰ ন্যায়পালিকাৰ ইতিহাসত ই এক নাভুত নাশ্ৰুত ঘটনা।” সংবাদমেলত আপ অসমৰ আইন কোষৰ নেতা আলাউদ্দিন আহমেদে ইডিৰ দায়িত্বজ্ঞানহীনতাৰ কটু সমালোচনা কৰে। আলাউদ্দিন আহমেদে।বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ সন্দৰ্ভত কয় যে যদি জামিন লাভৰ জৰিয়তে অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে, তেন্তে সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবেই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে যাতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰিছে বিজেপিয়ে।

আলাউদ্দিন আহমেদে কয়, উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে জামিন আবেদন গৃহীত কৰাৰ ক্ষেত্ৰত দেশৰ নিম্ন আদালত সমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। সেয়েহে অৰবিন্দ কেজৰিৱালৰ জামিন সন্দৰ্ভত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কোনো যুক্তি নাই। আমি আশা কৰোঁ শীঘ্ৰেই অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰা ওলাই আহিব। ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰাৰ বাবে ইডিৰ লগতে কেন্দ্ৰীয় চৰকাৰকো কটাক্ষ কৰে আপৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দই। আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙে কয় যে, এয়া মোদী চৰকাৰৰ গুণ্ডামি। ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ মতে কেন্দ্ৰীয় চৰকাৰ তথা ইডিয়ে ন্যায়পালিকাৰ সিদ্ধান্তক অসন্মান কৰিছে।