নিউজ ডেস্ক, ৩১ জুলাই, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান। ৬৭৬৪ কেডব্লিউপি শক্তিৰ উৎপাদন কৰি ৯৭.৯ লাখ টকা ৰাহি। ভাৰতীয় ৰে’লৱেৰ নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০৩০ চনৰ ভিতৰত নেট জিৰো কাৰ্বন নিৰ্গমনৰ লক্ষ্যত উপনীত হ’বলৈ ক্ৰমাগতভাৱে আগবাঢ়িছে।

জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসত, উত্তৰ-পূব সীমান্ত ৰে’লৱেই সমগ্ৰ সংমণ্ডলৰ সেৱা ভৱন আৰু অন্যান্য প্ৰতিষ্ঠানসমূহত ৰুফ টপ চ’লাৰ পাৱাৰ প্লেন্ট স্থাপনেৰে অধিক আৰু সেউজ শক্তি উৎপাদনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে শক্তিৰ চাহিদা পূৰণ কৰিবলৈ, উত্তৰ পূব সীমান্ত ৰে’লৱে নৱীকৰণযোগ্য উৎসৰ পৰা ১.৪৫ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিছে যাৰ ফলত ২০২৪ চনৰ এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত প্ৰায় ৯৭.৯ লাখ টকা ৰাহি হৈছে।

নন ট্ৰেক্সন শক্তি ব্যৱহাৰৰ বাবে, উন্নীতকৃত শক্তি কাৰক, সময়মতে ধন পৰিশোধ ৰেহাই ইত্যাদিৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০২৪ ৰ এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত প্ৰায় ৬৬.৭ লাখ টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। ‘গো-গ্ৰীণ’ অভিযানৰ অধীনত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনৰ বিভিন্ন ষ্টেচন আৰু অন্যান্য সেৱা ভৱনসমূহত স্থাপন কৰা চলাৰ ৰুফ টপ পেনেলসমূহে জুন, ২০২৪ লৈকে ৬৭৬৪ কিলোৱাট পিক (কেডব্লিউপি) শক্তি উৎপাদন কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ ব্যৱহাৰৰ বাবে মুঠ সৌৰ শক্তি টপ পেনেলসমূহৰ ক্ৰমে ৬১০ কেডব্লিউপি, ৩৮১ কেডব্লিউপি, ১০৬৬ কেডব্লিউপি, ১০২০ কেডব্লিউপি আৰু ১৯০ কেডব্লিউপি সৌৰশক্তি উৎপাদন ক্ষমতা আছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু গুৱাহাটী উপ মাণ্ডলিক ইউনিট পৰিসৰত একত্ৰিতভাৱে ১৪৯৭ কেডব্লিউপি উৎপাদন ক্ষমতা আছে। নিউ বঙাইগাঁও আৰু ডিব্ৰুগড়স্থিত দুয়োটা ৱৰ্কশ্বপৰো প্ৰত্যেকতে ১০০০ কেডব্লিউপিৰ পাৱাৰ স্থাপন কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ, অসম আৰু ত্ৰিপুৰাৰ ২৪ টা ষ্টেচন আৰু অন্যান্য ফিল্ড অফিচ ভৱনত চলাৰ ৰুপ টপ পেনেল সংযোজিত কৰা হৈছে যি ২০২৪ ৰ এপ্ৰিলৰ পৰা জুন মাহলৈকে ৬৪২ কেডব্লিউপি উৎপাদন কৰিবলৈ সক্ষম হৈছে। লামডিং মণ্ডলৰ অধীনৰ উদয়পুৰ আৰু ৰঙিয়া মণ্ডলৰ অধীনৰ বামুনিগাঁও, আজাৰা, গহপুৰ, বৰপেটা ৰোড, দুধনৈ আৰু কৃষ্ণাই আদি দৰে মুখ্য ৰে’ল ষ্টেচনসমূহত চ’লাৰ পেনেল সংযোজিত কৰা হৈছে। তদুপৰি, ষ্টেণ্ডাৰ্ড ইনডাকচন মটৰৰ পৰিৱৰ্তে ব্ৰাছলেছ মটৰৰ ব্যৱহাৰ কৰা ২১০০ থন বিএলডিচি ফেন ২০২৪ চনৰ এপ্ৰিলৰ পৰা জুন মাহৰ সময়ছোৱাত সমগ্ৰ সংমণ্ডলত স্থাপন কৰা হৈছে যাৰ ফলত প্ৰতি চিলিং ফেনত ৩২ ৱাট ৰাহি হৈছে। ইয়াৰ পৰিণামস্বৰূপে ৬৭২০০ ৱাট আৰু ৮০৬ ইউনিট (আনুমাণিক) শক্তিৰ ব্যৱহাৰ ৰাহি হৈছে।

উত্তৰ পূব সীমান্ত ৰে'”লৱেই সম্ভৱপৰ সকলো ষ্টেচন ভৱন, সেৱা/কাৰ্যালয় ভৱন, আৱাসিক ভৱন আৰু এল.চি. গেটত সৌৰ প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱে ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সৌৰ শক্তি সৰ্বাধিক ৰূপে ব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ই ষ্টেচন আৰু অন্যান্য সেৱা ভৱনসমূহৰ বাবে দৈনিক শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব। পৰিৱেশ অনুকূল হোৱাৰ উপৰিও, ইয়াৰ ফলত ৰে’লৱেৰ বাবে বহুমূলীয়া খৰচ আৰু দেশৰ বাবে বৈদেশিক মুদ্ৰা সঞ্চয় কৰাত সহায়ক হ’ব।