গুৱাহাটী, ১১ আগষ্ট, ২০২৪ : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ (Panchayat Election) বাবে আম আদমি পাৰ্টী চমুকৈ আপে এতিয়াৰ পৰাই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি ৰাজ্যজুৰি আপৰ সাংগঠনিক পুনৰগঠনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ যুঁজলৈ দলীয় কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনাইছে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই।

আজি নগাঁও জিলা আম আদমি পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলন তথা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে কয়, “অসমত বিজেপি আৰু কংগ্ৰেছৰ বিকল্প শক্তি হিচাপে আপৰ উত্থান হৈছে। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ স্বাৰ্থত আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ। সদ্যহতে পঞ্চায়ত নিৰ্বাচনলৈ দলীয় কৰ্মী সকলক আমি সাজু হ’বলৈ আহ্বান জনাইছোঁ। সম্প্ৰতি আমি দলৰ সদস্য ভৰ্তি অভিযানতো গুৰুত্ব আৰোপ কৰিছো।”

আনহাতে, ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত কৰা নাই আপে। এই সন্দৰ্ভত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়,”অতি কম দিনৰ ভিতৰতে সংশ্লিষ্ট সমষ্টি সমূহৰ দলীয় কৰ্মকৰ্তা সকলৰ সৈতে পৰ্যালোচনা কৰি উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো চূড়ান্ত কৰিব।” নগাঁৱত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে আপৰ আন এগৰাকী কেন্দ্ৰীয় নেতা কৰ্নেল ৰাহুল পানৱাৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আদৰ্শৰ ভিত্তিত অসমতো কামৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ দলীয় কৰ্মীসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায় ৰাহুল পানৱাৰে। কাৰ্যসূচীত প্ৰায় ডেৰ শতাধিক কৰ্মকৰ্তাক সম্বোধন কৰে আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, অনুৰূপা ডেকাৰজা আৰু চুমি বৰাই। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে সদস্য ভৰ্তি অভিযান তৰান্বিত কৰাৰ লগতে বুথ পৰ্যায়ত কমিটি গঠন কৰিবলৈ দলীয় কৰ্মী সকলক পৰামৰ্শ দিয়ে।

আনহাতে, মাজুলীৰ জেংৰাইমুখত আজি অনুষ্ঠিত হয় আপৰ মাজুলী জিলা কৰ্মকৰ্তা সন্মিলন। কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ নেতা অম্লানজ্যোতি হাতীবৰুৱা আৰু জাৰবম কুটুমে। ইপিনে, গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় আপৰ কামৰূপ মহানগৰ জিলাৰ কৰ্মকৰ্তা সন্মিলন। আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু ৰমেন বৰঠাকুৰে সাংগঠনিক পুনৰগঠনৰ উপৰি জিলাখনৰ বিভিন্ন অঞ্চলত দলৰ সভ্য ভৰ্তি অভিযানত কৰ্মী সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে যোৱা ৯ আগষ্টত উচ্চতম ন্যায়ালয়ে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰি গোচৰত আপৰ শীৰ্ষ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক জামিনত মুক্তি দিয়াৰ পাছৰ পৰাই দলৰ কৰ্মী সকলৰ মাজত ব্যাপক উৎসাহ – উদ্দীপনা পৰিলক্ষিত হৈছে।