নিউজ ডেস্ক, ২৩ আগষ্ট, ২০২৪ : বিগত বৰ্ষৰ চেম্পিয়ন কলকাতাৰ মোহন বাগান ছুপাৰ জায়েণ্ট দলে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ আজি জামছেদপুৰৰ টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ ‘এ’ৰ চেম্পিয়ন মোহন বাগানে টাইব্ৰেকাৰত ৬-৫ গলৰ ব্যৱধনাত পৰাস্ত কৰে পঞ্জাৱ এফ চিক৷

উল্লেখ্য যে পঞ্জাৱ এফ চিয়ে গ্ৰুপ ‘চি’ত দ্বিতীয় স্থান লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল৷ কিন্তু আজি নকআউট মেচত দলে আই এছ এলৰ লীগ চেম্পিয়ন মোহন বাগানক তীব্ৰ প্ৰত্যাহ্বান জনায়৷ নিৰ্ধাৰিত সময়ত খেলখন ৩-৩ গলত সমাপ্ত হৈছিল৷ খেলৰ প্ৰথমাৰ্ধত উভয় আই এছ এলৰ দলে এটাকৈ গল কৰে আৰু বিৰতিলৈ মেচখন ১-১ ত সমাপ্ত হয়৷

খেলৰ ১৭ মিনিটত পঞ্জাৱ দলে পেনাল্টি লাভ কৰাত লুকাই সহজে গল কাৰ্যকৰী কৰি দলক ১-০ ৰ অগ্ৰগতি দিয়ে৷ কিন্তু ৪৪ মিনিটত ছুহাইলৰ গলেৰে মেচত সমতা স্থাপন কৰে মোহন বাগানে৷ দ্বিতীয়াৰ্ধত মেচ অধিক ৰোমাঞ্চকৰ হয়৷ ৪৮ মিনিটত মনবীৰৰ গলেৰে মোহন বাগানে ২-১ ৰ অগ্ৰগতি লয়৷ বিপৰীতে ফিলিপে ৬৩ মিনিটত গল কৰি মেচত ২-২ ত সমতা স্থাপন কৰাৰ লগতে ৭১ মিনিটত ন’ৰ্বাৰট’ছে গল কৰি পঞ্জাৱ দলক ৩-২ ৰ অগ্ৰগতি দিয়ে৷

কিন্তু ৭৯ মিনিটত কামিংছৰ গ’লেৰে মোহন বাগানে পুনৰ প্ৰত্যাৱৰ্তন কৰাত ৩-৩ গলত মেচ সমাপ্ত হয়৷ টাইব্ৰেকাৰত মোহন বাগানে ছটা গল কাৰ্যকৰী কৰাৰ বিপৰীতে পঞ্জাৱে পাঁচটা গল কৰে৷ মোহন বাগানে ছেমিফাইনেলত বেংগালুৰু এফ চি আৰু কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিজয়ীৰ বিৰুদ্ধে খেলিব৷ অহা ২৭ আগষ্টত কলকাতাত দ্বিতীয় ছেমিফাইনেলখন হ’ব৷ আনহাতে, আজি নিশা ছাউথ ডাৰ্বিৰ কোৱাৰ্টাৰ ফাইনেলখন কলকাতাত অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত উত্তৰ-পূৱৰ দুই দল শ্বিলং লাজং এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব৷ অহা ২৬ আগষ্টত শ্বিলংৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই ডাৰ্বি মেচখন অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাতে অনুষ্ঠিত হ’ব৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷