মঙলদৈ, ২৭ আগষ্ট, ২০২৪ : মঙলদৈত স্মাৰ্ট মিটাৰৰ (Smart Meter) বিৰুদ্ধে আপৰ প্ৰতিবাদ। আদানিৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ আপৰ। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি মঙলদৈত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী পাৰ্টিয়ে।

হাতে হাতে বেনাৰ, পতাকা লৈ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানিৰ লাভৰ বাবে স্মাৰ্ট মিটাৰ নচলিব, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি প্ৰায় ডেৰ শতাধিক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় আপৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ।

ৰমেন বৰঠাকুৰৰে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ স্বাৰ্থত আদানি কোম্পানীৰ স্মাৰ্ট মিটাৰ লগাবলৈ ঠিকা দিছে অসম চৰকাৰে। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, গৌতম আদানিয়ে নিজৰ ৰাজ্য গুজৰাটত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপন কৰা নাই, সেই সময়ত অসমত মাথোঁ সাধাৰণ ৰাইজৰ ওপৰত লুণ্ঠন চলাবলৈ এই অন্যায় ব্যৱস্থা জাপি দিছে। ৰাইজে বিজেপিৰ এই অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহক।”

প্ৰতিবাদী কাৰ্য্যসূচীৰ নেতৃত্ব দিয়ে দৰং জিলা আম আদমি পাৰ্টীৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাই। দলৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থৰ চিন্তা কৰিবলৈ এৰি ৰাজ্যখনৰ দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত জনকল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই প্ৰিপেইড স্মাৰ্ট মিটাৰে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

নীলমণি শইকীয়াই দিল্লী আৰু পঞ্জাৱৰ আপৰ চৰকাৰৰ দৰে অসমতো কমেও ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। প্ৰতিবাদস্থলীৰ পৰাই আপৰ নেতৃবৃন্দই মঙলদৈৰ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰ্ট মিটাৰ অবিলম্বে প্ৰত্যাহাৰৰ দাবীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।