গুৱাহাটী, ৩০ আগষ্ট ২০২৪ : এইচ এছ বি চি, গ্ৰামীণ ডেভেলপমেণ্ট ফাইনেন্সিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু আপফ্ৰন্টৰ সহযোগত ২০২৪ চনৰ ২৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ৬ দিনীয়া এক বিত্তীয় প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে সা-ধনে। অসমৰ কামৰূপ জিলাৰ ছয়গাঁও, বকো আৰু লোহাৰু খণ্ডত অনুষ্ঠিত হ’ব এই কৰ্মশালাখনি। মন কৰিবলগীয়া যে, ২০২২ চনৰ পৰা সমাজৰ সদস্য আৰু এম এফ আই ঋণ বিষয়াসকলৰ বাবে ডিজিটেল (Digital) ক্ষমতা শক্তিশালী কৰি অহা ”ডিজিটেল অন্তৰ্ভুক্তি বাধা অতিক্ৰম কৰিবলৈ ডিজিটেল সমাধান সক্ষম কৰা” শীৰ্ষক চলি থকা প্ৰকল্পটোৰ অংশ হিচাপে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

এইচ এছ বি চি আৰু বিভিন্ন আঞ্চলিক অংশীদাৰৰ সহযোগত সা-ধনে পূৰ্বৰ পৰ্যায়ত ছখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, গুজৰাট, ছত্তীশগড়, পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানক সামৰি সমগ্ৰ ভাৰতত নিজৰ প্ৰসাৰ সফলতাৰে সম্প্ৰসাৰণ কৰিছে। সা-ধনৰ উপ-সঞ্চালক চন্দন কুমাৰে কয়, “এই প্ৰকল্পটোৱে এক শক্তিশালী প্ৰভাৱ পেলাইছে, যাৰ ফলত ৫৮,৮৮৪ গৰাকী প্ৰত্যক্ষ আৰু পৰোক্ষ হিতাধিকাৰী উপকৃত হৈছে। লগতে এই প্ৰকল্পই সাতটা অংশীদাৰ প্ৰতিষ্ঠানক ডিজিটেল বিত্তীয় সাক্ষৰতা গ্ৰহণ কৰাতো সহায় কৰিছে। এই সফলতাই প্ৰকল্পটোৰ ক্ষেত্ৰত থকা অধিক বিকাশৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।’’

চন্দন কুমাৰে লগতে কয়, “২০২৪ চনৰ ২৩-২৪ এপ্ৰিলত আমি অসমৰ কামৰূপ জিলাৰ তিনিটা খণ্ডৰ ১০ খন গাঁৱৰ ১১০ গৰাকী অংশগ্ৰহণকাৰীৰ সৈতে এক ক্ষেত্ৰভিত্তিক সমীক্ষা চলাইছিলোঁ। এই সমীক্ষাত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে, যেনে- সকলো অংশগ্ৰহণকাৰীৰ বেংক একাউণ্ট আছে, কিন্তু ৬৭% লোকৰ ডেবিট কাৰ্ড নাই। একেদৰে ৯৩% অংশগ্ৰহণকাৰীয়ে পি অ’ এছ মেচিনৰ বিষয়ে নাজানে আৰু ৫৯% অংশগ্ৰহণকাৰীয়েই ইউ পি আই ব্যৱহাৰ নকৰে। লক্ষণীয় কথাটো হ’ল ৮৫% অংশগ্ৰহণকাৰীৰে স্মাৰ্টফোন আছে।”

বৰ্তমানৰ প্ৰশিক্ষণ কাৰ্যসূচীত চেভিংছ একাউণ্ট, ডিজিটেল পেমেণ্ট, এটিএম কাৰ্ডৰ ব্যৱহাৰ, বি এইচ আই এম ইন্টাৰফেচ আৰু জালিয়াতি প্ৰতিৰোধকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত গভীৰ তথ্য প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ লক্ষ্য হৈছে সীমিত ডিজিটেল সেৱা গ্ৰহণ, প্ৰযুক্তিগত অস্থিৰতা, আন্তঃগাঁথনিৰ অভাৱ আৰু প্ৰৱঞ্চনাৰ আশংকাৰ দৰে সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ কামৰূপ গ্ৰাম্য জিলাৰ ৫০০ৰো অধিক এম এফ আই গ্ৰাহকক শক্তিশালী কৰা। কৰ্মশালাৰ অন্তিম দিনা ক্ষেত্ৰ-স্তৰীয় ঋণ বিষয়াসকলক ফলপ্ৰসূভাৱে গ্ৰাহকক সহায় কৰাৰ দক্ষতা বিকাশৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

বিশেষকৈ বেংকবিহীন সমাজ আৰু দূৰৱৰ্তী অঞ্চলৰ মহিলাসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি আগুৱাই নিয়াৰ লগতে ডিজিটেল বিত্তীয় সাক্ষৰতা বৃদ্ধিত সা-ধনে গুৰুত্ব আৰোপ কৰি আহিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰতিটো সম্প্ৰদায়ক ডিজিটেল বিত্তীয় সেৱাসমূহৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা আৰু তাৰ দ্বাৰা লাভাম্বিত হ’বলৈ প্ৰয়োজনীয় সম্পদ আৰু জ্ঞান থকাটো নিশ্চিত কৰা।