নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ, ২০২৪ : ৰে’লৰ পৰিচালনগত দক্ষতা আৰু সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ লামডিং মণ্ডলৰ (Lumding Division) লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ লাংটিং য়াৰ্ডত বিদ্যমান ১ ইন ১২ ট্ৰ্যেক টাৰ্ণআউটক অধিক সুৰক্ষিত ১ ইন ১৬ টাৰ্ণআউটৰ ১ টা ছেটৰ দ্বাৰা সফলতাৰে প্ৰতিস্থাপন কৰিবলৈ সক্ষম হয়। এই সফলতাই এক বৃহৎ মাইলৰ খুটি হিচাপে চিহ্নিত কৰিছে, কিয়নো প্ৰথমবাৰৰ বাবে এই সংমণ্ডলত এনে ধৰণৰ উন্নীতকৰণ গ্ৰহণ কৰাৰ লগতে কাৰ্যকৰী কৰা হৈছে। 

এই প্ৰতিস্থাপনৰ সফলতাৰ পিছত, লামডিং মণ্ডলৰ অধীনৰ লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডত ১ ইন ১৬ টাৰ্ণআউটৰ দ্বাৰা ১২ টাতকৈয়ো অধিক টাৰ্ণআউটৰ প্ৰতিস্থাপন কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে আৰু এই প্ৰকল্পসমূহ অনুমোদিত আৰু কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়াত আছে। লাংটিং য়াৰ্ডৰ ১ ইন ১২ টাৰ্ণআউট (পইণ্ট ১০১) পূৰ্বৱৰ্তী এক ৩.৫ ডিগ্ৰী কাৰ্ভত স্থাপন কৰা হৈছিল, যাৰ পৰিণামস্বৰূপে ক্ৰছঅ’ভাৰৰ শ্বাৰ্প কাৰ্ভেচাৰ ৭.৫ ডিগ্ৰী আছিল। 

এই শ্বাৰ্প কাৰ্ভেচাৰে সুগম ৰে’ল পৰিচালন বজাই ৰখাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ১ ইন ১৬ টাৰ্ণআউটত স্থাপনৰ পৰিণামস্বৰূপে কাৰ্ভেচাৰ যথেষ্ট হ্ৰাস হৈ ৫.৭৩ ডিগ্ৰী কৰা হয়, পৰিণামস্বৰূপে য়াৰ্ডৰ মাজেৰে সুৰক্ষিত আৰু অধিক সুদক্ষ ৰেল চলাচল সহজ হৈ পৰিছে। প্ৰতিস্থাপন প্ৰক্ৰিয়াটোত সতৰ্ক পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ অন্তৰ্ভুক্ত আছিল, এমএফআই প্ৰযুক্তি ব্যৱহাৰ কৰি একাধিক ৰাউণ্ড মেচিন টেম্পিং কৰা হৈছিল, যি ট্ৰেকসমূহ অধিক স্থিৰ কৰি অনুকূল এলাইনমেন্ট নিশ্চিত কৰিবলৈ সক্ষম হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ ৰে’ল সংযোগ আন্তঃগাঁথনিৰ নিৰন্তৰ উন্নতি আৰু আধুনিকীকৰণৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ। লাংটিং য়াৰ্ডৰ উন্নীতকৰণ হৈছে অত্যাধুনিক প্ৰযুক্তি আৰু ৰে’ল পৰিচালনৰ বাবে উচ্চ মানদণ্ড নিশ্চিত কৰাৰ দিশত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সমৰ্পিত সেৱাৰ এক সাক্ষীস্বৰূপ আৰু এনেদৰে বিদ্যমান লেআউটৰ প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ যাত্ৰীসকলক সুৰক্ষিত, সুদক্ষ আৰু নিৰ্ভৰযোগ্য ৰে’ল সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অঞ্চলটোৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আন্তঃগাঁথনি উন্নীতকৰণত এই ৰেলৱেই ভৱিষ্যতলৈয়ো বিনিয়োগ অব্যাহত ৰাখিব।